ETV Bharat / state

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 15, 2020, 11:56 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খটৰা সত্ৰ পৰিদৰ্শন ৷ সত্ৰখনৰ ৪৫০ বছৰীয়া জয়ন্তী উপলক্ষে দেওবাৰে দৰঙত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

দৰং,15 মাৰ্চঃ দেওবাৰৰ পুৱা দৰঙৰ খটৰা সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকণীয়া গোবিন্দ্ৰ আতাই ১৫৬৮ চনত প্ৰতিষ্ঠা কৰা দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত উদযাপন কৰা হৈছে ৪৫০ বছৰীয়া জয়ন্তী ৷ সেই উপলক্ষে দেওবাৰে বাহিৰ কৰা হয় এক ভাগৱত শোভাযাত্ৰা ৷ গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ উপৰিও দৰঙী কৃষ্টি প্ৰদৰ্শিত হয় উক্ত ধৰ্মীয় শোভাযাত্ৰাত ৷ শোভাযাত্ৰাটোত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ইপিনে,কৰ’ণা ভাইৰাছৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে ৩১মাৰ্চলৈ সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰিছিল ৷ সত্ৰখনৰ দ্বাৰা আয়োজিত ৰাজহুৱা সভাত ভাগ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী গৰাকী । কিন্তু উক্ত অনুষ্ঠান বাতিল কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু দেওবাৰৰ পুৱা আকস্মিকভাৱে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় ঐতিহ্যমণ্ডিত সত্ৰখনত ৷ কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে ৰাইজৰ সংস্পৰ্শলৈ নাহিল মুখ্যমন্ত্ৰী গৰাকী ৷

লগতে চাওকঃনগাঁৱত সমাজ কল্যাণ বিভাগৰ চাইকেল ৰেলী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.