ETV Bharat / state

মঙলদৈৰ ৰাজপথত AJYCPৰ প্ৰতিবাদী সমদল - 'কা' বাতিলৰ দাবী

'কা' বাতিলৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ ৰাজ্যত। মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে। মঙলদৈত জাতিধ্বংসী আইন, EIA বাতিল আৰু আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই ক্ষোভ উজাৰিলে সংগঠনটোৱে।

মঙলদৈৰ ৰাজপথত AJYCPৰ প্ৰতিবাদী সমদল
মঙলদৈৰ ৰাজপথত AJYCPৰ প্ৰতিবাদী সমদল
author img

By

Published : Nov 3, 2020, 6:09 PM IST

মঙলদৈ, ৩ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা-কৰ্মী। মঙলদৈৰ ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। নাগৰিকত্ব সংশোধনী আইন, EIA বাতিল বাতিলক আৰু আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী জনায় সংগঠনটোৱে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

অত্য়াৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে যোগান মন্ত্রী ফণীভূষণ চৌধুৰীকো তীব্র সমালোচনা কৰে। মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই তিনিটা দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে। শীঘ্ৰে দাবীসমূহ মানি নল'লে আন্দোলন তীব্ৰতৰ কৰাৰো হুংকাৰ দিয়ে।

লগতে পঢ়ক:নগাঁৱৰ শেনচুৱাত চোৰৰ সন্ত্ৰাস,বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.