ETV Bharat / state

মঙলদৈত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Dec 11, 2020, 6:56 PM IST

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে শুকুৰবাৰে মঙলদৈত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

মঙলদৈত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ
মঙলদৈত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ

দৰং,11 ডিচেম্বৰ : বিগত বছৰ এই সময়ছোৱাতে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনৰ লগতে সৰ্বস্তৰৰ জনসাধাৰণ ৰাজ পথলৈ ওলাই আহিছিল ৷ পাঁচ জনকৈ যুৱকে এই আন্দোলনত শ্বহীদ বৰণ কৰিছিল ৷ তাৰ পিছতেই মহামাৰী ক’ৰণাৰ সন্ত্ৰাসৰ বাবে স্তিমিত হৈ পৰিছিল CAA আন্দোলন ৷ সম্প্ৰতি কৰ‘ণাৰ সন্ত্ৰাস হ্ৰাস পোৱাত ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে আৰম্ভ কৰিছে আন্দোলন ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে শুকুৰবাৰে মঙলদৈত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে " কা আমি নামানো " অসম চৰকাৰ হায় হায় " আদি শ্ল’গানেৰে ১৫ ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ৷ তাৰ মাজতে দৰঙত ১৪৪ ধাৰা চলি থকাৰ বাবে প্ৰতিবাদকাৰী সকলক সমূহীয়াভাৱে আটক কৰে মঙলদৈ আৰক্ষীয়ে ।

লগতে পঢ়কঃ CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.