ETV Bharat / state

ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক উষ্ম আদৰণি

author img

By

Published : Mar 16, 2021, 9:41 PM IST

মঙলবাৰে ইউপিপিএলে ঘোষণা কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 8 জনীয়া প্ৰাৰ্থী তালিকা ৷ 33 নং বিজনী বিধানসভা সমষ্টিৰ বাবে দলটোৰ প্ৰাৰ্থী ফণীন বড়োৰ নাম প্ৰকাশ ৷

uppl-candidate-phani-bodo-welcomed-at-bijni
বিজনীত ইউ পি পি এল দলৰ প্ৰাৰ্থী ফণীন বড়োক উষ্ম আদৰণি

চিৰাং,16 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দহটা দিন বাকী থকাৰ সময়তে মঙলবাৰে ইউপিপিএলে ঘোষণা কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 8 জনীয়া প্ৰাৰ্থী তালিকা ৷ তালিকাত চিৰাং জিলাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ বাবে দলটোৰ প্ৰাৰ্থী ফণীন বড়োৰ নাম প্ৰকাশ পোৱাৰ পাছতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে নেতা গৰাকীৰ সমৰ্থকে ৷ অসংখ্য সমৰ্থক তথা দলীয় কৰ্মীয়ে সমষ্টিটোলৈ উষ্ম আদৰণি জনাই নেতাগৰাকীক ৷

ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক উষ্ম আদৰণি

সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থী ফণীন বড়োৱে মত প্ৰকাশ কৰি কয় যে, এইবাৰ বিজনী সমষ্টিত ইউপিপিএলৰ পৰা ফণীন বড়ো বিধায়ক হ’লে বিজনী সমষ্টিৰ ৰাইজক সেৱা কৰি যাব ৷ ইপিনে বিজনী সমষ্টিত মিত্ৰজোঁটৰ বিজেপি দলেও প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী পৰিৱেশ ৷ সমষ্টিটোত বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সমান্তৰালকৈ ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক প্ৰক্ষেপ কৰাত নিৰ্বাচনী যুঁজখন যে আকৰ্ষণীয় হ'ব সেয়া প্ৰায় নিশ্চিত ৷

লগতে পঢ়কঃ কোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.