ETV Bharat / state

Protest in Chirang: চিৰাঙত বিদ্যালয় এৰি ৰাজপথত শিক্ষক

চিৰাঙত বিদ্যালয় এৰি ৰাজপথ অৱৰোধ শিক্ষকৰ । বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত এই আন্দোলন শিক্ষক-শিক্ষয়িত্ৰীৰ। চিৰাঙৰ সুন্দৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ(Teachers protest at Chirang) কৰা ডেৰ শৰাধিক শিক্ষক-শিক্ষয়িত্ৰী আটক আৰক্ষীৰ ।

author img

By

Published : Dec 15, 2021, 10:14 PM IST

চিৰাঙত বিদ্যালয় এৰি ৰাজপথত শিক্ষক
চিৰাঙত বিদ্যালয় এৰি ৰাজপথত শিক্ষক

চিৰাং, 15 ডিচেম্বৰ: বিদ্যালয় প্ৰাদেশীকৰণৰ দাবী(Teachers protest at Chirang for school provincialization)ত মঙলবাৰে চিৰাঙৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সদৌ বি টি আৰ অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষক সন্থাৰ । বিদ্যালয় এৰি ৰাজপথ কঁপোৱা এইসকল শিক্ষকে বুধবাৰে পুৱা ৯ বজাত জিলাখনৰ সুন্দৰীত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । প্ৰায় এঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ পিছত চিৰাং আৰক্ষীয়ে দেৰ শতাধিক শিক্ষকক আটক কৰে ।

যোৱা ১২ ডিচেম্বৰ তাৰিখে এইসকল শিক্ষকেই বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত ৰেলপথ অৱৰোধৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল যদিও চিৰাং আৰক্ষীৰ বাধাত ৰেল অৱৰোধ কৰিবলৈ সক্ষম নহ’ল ।

চিৰাঙত বিদ্যালয় এৰি ৰাজপথত শিক্ষক

বিটি আৰ চুক্তিৰ ৬.৩ নং দফা(clause 6.3 of BTR accord) কাৰ্যকৰী কৰি সকলো বিদ্যালয় প্ৰাদেশীকৰণৰ দাবী উত্থাপন কৰে শিক্ষক সন্থাটোৱে । অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডল, সম্পাদক ঘনকান্ত ব্ৰহ্মসহ ডেৰশতাধিক প্ৰতিবাদী শিক্ষক-শিক্ষয়িত্ৰীক চিৰাং আৰক্ষীয়ে আটক কৰি জিলা সদৰ কাজলগাঁওস্থিত যোগকেন্দ্ৰত আৱদ্ধ কৰি থয় । আটকাধীন শিক্ষক-শিক্ষয়ীত্ৰীসকলক সংবাদ মাধ্যমৰে মুখামুখী হোৱাতো বাধা আৰোপ কৰে জিলা প্ৰশাসনে ।

লগত পঢ়ক: AJYCP Protest to repeal CAA : আকৌ মূৰ দাঙি উঠিছে স্তিমিত কা বিৰোধী আন্দোলনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.