চিৰাং, 4 জানুৱাৰী : "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে" বুলি মুখ্যমন্ত্ৰীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্তব্যৰ বিপৰীতে সোমবাৰে চিলাৰায় উন্নয়ন মঞ্চ (Chilarai Development Fourm) ৰ সভাপতি তথা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিক্ৰমজিৎ ৰায়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে (President Bikramjit Ray criticize CM) ।
নতুন বছৰটোৰ পহিলা জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰদান কৰা মন্তব্যক লৈ সমগ্ৰ ৰাজ্যজুৰি জনজাতিকৰণৰ দাবী কৰা সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰীৰ এনেধৰণৰ মন্তব্য কোচ ৰাজবংশী জাতীয় সংগঠন চিলাৰায় উন্নয়ন মঞ্চই সহজভাৱে মানি ল'ব পৰা নাই বুলি মন্তব্য কৰে ৰায়ে ৷
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ সংগ্ৰামক মষিমূৰ কৰাৰ ক্ষেত্ৰত বিক্ৰমজিৎ ৰায়ে মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নতুনকৈ বিভাজনমুখী নীতি অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ লগতে এই বিভাজন নীতি সোনকালে পৰিহাৰ কৰিবলৈ আহ্বান জনাই সভাপতিগৰাকীয়ে ৷
ইয়াৰোপৰি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবী যদি সোনকালে পূৰণ নকৰে, তেনেহ'লে পৰৱৰ্তী সময়ত বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়াই দিয়ে চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিৎ ৰায়ে ৷
লগতে পঢ়ক : PM Modi visit to Tripura today : নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা