ETV Bharat / state

সেনা-আৰক্ষীৰ অভিযানত ধৃত এন ডি এফবি(এছ) কেডাৰ - চিৰাং জিলা

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত মঙলবাৰে চিৰাং জিলাৰ পৰা গ্ৰেপ্তাৰ হয় এগৰাকী এনডিএফবি (এছ) কেডাৰ ৷ জিলাখনৰ পানবাৰী অঞ্চলৰ পৰা অস্ত্ৰসহ গ্ৰেপ্তাৰ হয় বানেৰু বসুমতাৰী নামৰ সদস্যজন ৷

সেনা-আৰক্ষীৰ অভিযানত ধৃত এন ডি এফবি(এছ) কেডাৰ
author img

By

Published : Oct 15, 2019, 5:11 PM IST

চিৰাং, 15 অক্টোবৰঃ ৰাজ্যত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় বিদ্ৰোহী সদস্য ৷ চিৰাং জিলাৰ পানবাৰী অঞ্চলৰ পৰা সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে এগৰাকী এনডিএফবি(এছ)ৰ কেডাৰ ৷

চিৰাঙত গ্ৰেপ্তাৰ হোৱা এনডিএফবি(এছ) সদস্যজন

লগতে পঢ়কঃ চিৰাঙৰ দৈমুগুৰিত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ NDFB সদস্য ৰাজু ব্ৰহ্ম

চিৰাং জিলাৰ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু পানবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান ৷ ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ অধীনস্থ গাড়ৱাল ৰাইফলছ আৰু চিআৰপিএফৰ লগতে চিৰাং আৰক্ষীৰ এটা যৌথ দলে চলাইছিল অভিযান ৷ সোমবাৰে নিশা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ পানবাৰী অঞ্চলৰ দৈমুগুৰিৰ নিজা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ হয় বানেৰু বসুমতাৰী নামৰ বিদ্ৰোহী সদস্যগৰাকী ৷

অভিযানকাৰী দলটোৱে বানেৰু বসুমতাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বিদেশত নিৰ্মিত এটা এচবিবিএল (একনলীয়া বন্দুক) ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিষিদ্ধ বিদ্ৰোহী সংগঠন এনডিএফবি (সংবিজিত) গোটৰ এগৰাকী লিংকমেন হিচাপে কাম কৰি আহিছিল ছবিন বসুমতাৰীৰ পুত্ৰ বানেৰু বসুমতাৰীয়ে ৷

লগতে পঢ়কঃ চিৰাং জিলাত উদ্ধাৰ NDFB (S) ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

উল্লেখ্য যে, বিগত সময়চোৱাত চিৰাং জিলাত বিদ্ৰোহী বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা আৰু আৰক্ষীয়ে ৷ যোৱা দুদিন পূৰ্বেও সেনা আৰক্ষীৰ যৌথ অভিযানত ৰাজু ব্ৰহ্ম নামৰ এজন লোক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হৈছিল । ইয়াৰ পূৰ্বেও বিশেষ তথ্যৰ ভিত্তিত মাটিত পুতি থোৱা অৱস্থাত বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেনা-আৰক্ষীৰ দলে ।

Intro:চিৰাং জিলাৰ পাণবাৰীত অস্ত্ৰ সহ এন ডি এফ বি (ছা)ৰ লিংকমেন এজনক গ্ৰেপ্তাৰ। যোৱা কিছুদিনত পানবাৰীত সেনা-আৰক্ষীৰ অভিযানত বৃহৎ সফলতাৰে মাৰনাস্ত্ৰ উদ্ধাৰৰ লগতে কেবাজনো উগ্ৰপন্থী সদস্য গ্ৰেপ্তাৰ ।

Body:আজি চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত দৈমুগুৰীৰ পৰা মাৰনাস্ত্ৰ সহ এজন লোকক গ্ৰেপ্তাৰ । সেনা -আৰক্ষীৰ যুটীয়া অভিযানত এই সফলতা অৰ্জন পানবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰীৰ নেতৃত্বত । বৃহৎ সংখ্যক মাৰনাস্ত্ৰ জব্দ কৰাৰ লগতে কেবাজনো লোকক গ্ৰেপ্তাৰ পাণবাৰী আৰক্ষীৰ।
বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি,পাণবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰীৰ নেতৃত্বত আৰু ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ গাৰৱাল ৰাইফল ,চিআৰ পু এফৰ যৌথ অভিযানত যোৱা নিশা ভাৰত-ভূটান সীমান্তৰ পানবাৰীৰ দৈমুগুৰীৰ ছবিন বসমুতাৰীৰ পুত্ৰ বানেৰু বসমুতাৰী(২৪)ক নিজ বাসগৃহৰ পৰা মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হয় বিদেশত নিৰ্মিত একনলা বন্ধুক(এচ বিবিএল)। নিষিদ্ধ উগ্ৰপন্থী সংগঠন এন ডি এফ বি(ছা)ৰ লিংকমেন হিচাবে দীৰ্ঘদিনৰ পৰা কাম কৰি অহা এই জন বানেৰু বসুমতাৰীয়ে পলিথিনেৰে মেৰিয়াই মাটিৰ তলত পুতি থোৱা অবস্থাত জব্দ কৰে বন্দুকটো। সেনা-আৰক্ষীৰ যৌথ অভিযান অব্যাহত আছে পানবাৰী থানাৰ বিভিন্ন অঞ্চলত তথা চিৰাং জিলাৰ অন্য সন্দেহজনক অঞ্চল সমুহতো ।

Conclusion:যোৱা দুদিন পুৰ্বে সেনা আৰক্ষীৰ যৌথ অভিযানত ৰাজু ব্ৰহ্ম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল মাৰনাস্ত্ৰ সহ । ইয়াৰ পুৰ্ব্বে বিশেষ তথ্যৰ ভিত্তিত পুতি থোৱা অৱস্থাত বৃহৎ সংখ্যক মাৰনাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেনা-আৰক্ষীৰ দলে । মুঠতে জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তি কিছু অঞ্চলত এতিয়াও এন ডি এফ বি(ছা)ৰ তৎপৰতা পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে । ম্যানমাৰত সেনাৰ ৰোষত পৰা উত্তৰ পুৰ্ব্বাঞ্চলৰ কেবাটাও উগ্ৰপন্থীৰ ঘাটিত ম্যানমাৰ সেনাই অভিযান চলোৱাত বিপদত পৰা উগ্ৰপন্থী সংগঠনৰ কেবাজনো সদস্য অসমত প্ৰৱেশ কৰোতে আত্মসমৰ্পন কৰাৰ লগতে সেনা-আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হবলগীয়া হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.