ETV Bharat / state

বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

author img

By

Published : Dec 10, 2020, 10:50 AM IST

চিৰাঙত পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ । 403 নম্বৰ নিলিবাৰী প্ৰাথমিক বিদ‍্যালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান ৷ চিৰাঙ জিলাৰ মুঠ 7 টা পৰিষদীয় সমষ্টিৰ 34 প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য ৷

second phase of btc election
দ্বিতীয় পৰ্য‍্যায়ৰ নিৰ্বাচনত ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

চিৰাঙ, 10 ডিচেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্য‍্যায়ৰ দিনা ভোটদান সাব্যস্ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 7:30 বজাৰ পৰাই চিৰাঙত ভোটগ্ৰহণ আৰম্ভ হয় ৷ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাছতে 403 নম্বৰ নিলিবাৰী প্ৰাথমিক বিদ‍্যালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মই ভোটাধিকাৰ সাব্যস্ত কৰে ৷ জিলাখনৰ 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ 49 নং ভোটগ্ৰহণ কেন্দ্ৰ নিলিবাৰীত সপত্নিক ভোটদান কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

সপত্নিক ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ

দ্বিতীয় পৰ্য‍্যায়ৰ এই ভোটগ্ৰহণত চিৰাঙ জিলাৰ মুঠ 7 টা পৰিষদীয় সমষ্টিৰ 34 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ৷ উক্ত 34 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 29 গৰাকী পুৰুষ প্ৰাৰ্থীৰ বিপৰীতে 5 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷

403 নম্বৰ নিলিবাৰী প্ৰাথমিক বিদ‍্যালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান

আজি ভোটগ্ৰহণ চলি থকা সমষ্টি সমূহ হৈছে ক্ৰমে 13 নং চিৰাং সমষ্টি, 14 নং চিৰাং দুৱাৰ সমষ্টি, 14 নং কাজলগাঁও সমষ্টি, 16 নং নিচিমা সমষ্টি, 17 নম্বৰ সুবাইঝাৰ সমষ্টি, 18 নম্বৰ মানাস ছেৰফাং সমষ্টি আৰু 19 নং থুৰিবাৰী (মুকলি) সমষ্টি ৷

লগতে পঢ়ক: বিপিএফ দললৈ মুকলি সমৰ্থন ইছলাম ধৰ্মীয় সংগঠন ইমামুল ইত্তেহাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.