ETV Bharat / state

বৰদৈচিলাৰ তাণ্ডৱত তচনচ ৰাজ্যৰ ভিন্ন অঞ্চল !

author img

By

Published : Apr 10, 2020, 7:32 PM IST

চ'ত বাগৰি বহাগ সোমোৱাৰ সময় সমাগত ৷ তাতে বিশ্বজুৰি এইসময়ত অব্যাহত আছে কৰ'ণাৰ আতংক ৷ এই সন্ধিক্ষণতেই বৃহস্পতিবাৰে সন্ধিয়া বৰদৈচিলাই তাণ্ডৱ চলালে সমগ্ৰ অসমত ৷ বিহুৰ আগে আগে সকলো ধাহি-মুহি মাকৰ ঘৰলৈ গ'ল বৰদৈচিলা ৷ প্ৰৱল ধুমুহা-বতাহৰ ফলত ৰাজ্যত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে তিনিজন লোকে প্ৰাণ হেৰুৱাই আৰু বহুকেইজন আহত হয় ৷

heavy thunderstorm in assam
heavy thunderstorm in assam

নিউজ ডেস্ক, 10 এপ্ৰিল : চিৰাং আৰু বঙাইগাঁও জিলাৰ ভিন্ন স্থানত ধুমুহাৰ ফলত বহুলোকৰ ঘৰ দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হয় ৷ চিৰাঙত এজন লোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় 20 গৰাকী লোক ৷ বাক্সাতো এগৰাকী লোক নিহত হোৱাৰ উপৰিও বহুকেইটা পশুধনৰ মৃত্যু হয় ৷ গোলাঘাটত এগৰাকী লোকৰ মৃত্যু হয় ধুমুহাৰ ফলত ৷

heavy thunderstorm in assam
গছ বাগৰি বন্ধ হ'ল পথ

গুৱাহাটী মহানগৰীৰো ভিন্ন স্থানত দেখা গ'ল ধুমুহাৰ তাণ্ডৱ ৷ ভৰলু, ভঙাগড়, কালাপাহাৰ, ভূতনাথ, পাণ্ডু আদি অঞ্চলত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাত মূলপথসমূহ বন্ধ হৈ পৰে । তাৰোপৰি বিভিন্ন অঞ্চলত হৰ্ডিং আৰু গছৰ ডাল ভাঙি পৰাত বিদ্যুৎ সেৱা বিছিন্ন হৈ পৰে । অৱশ্যে মাজ নিশাই কেইবা ঠাইত বন বিষয়া পংকজ কলিতা আৰু হেমকান্ত তালুকদাৰৰ নেতৃত্বত মহানগৰীৰ বন্ধ হৈ পৰা পথসমূহ মুকলি কৰি দিয়া হয় ।

heavy thunderstorm in assam
ধমুহাত উবলি পৰিল বিদ্যুতৰ খুঁটা

ইয়াৰোপৰি নলবাৰী, ডিমৰীয়া,বটদ্ৰৱা,টীয়ক,যোৰহাট,কলগাছিয়া, বৰপেটা,মৰিগাঁও আদি ভিন্ন অঞ্চলতো ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে ৷ কলগাছিয়াত শুই থকা অৱস্থাত ঘৰৰ দেৱাল ভাগি আহত হয় চাৰিজনকৈ শিশু ৷ আহত শিশুকেইজনক বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

প্ৰৱল ধুমুহা-বতাহৰ ফলত ৰাজ্যত বিস্তৰ ক্ষতি !

লক্ ডাউনৰ মাজতে ধুমুহাই এইদৰে ক্ষতিসাধন কৰাত এতিয়া দিশাহীন হৈ পৰিছে লোকসকল ৷ কিন্তু প্ৰকৃতিক জানো কোনোবাই বাধা দিব পাৰে, মহামাৰীৰ ত্ৰাসত সকলো ত্ৰস্তমান হৈ থকাৰ মাজতেই প্ৰকৃতিয়ে দেখুৱালে নিজৰ কালৰূপ ৷

লগতে পঢ়ক : ৰঙালীৰ ৰং নাই যদিও কপৌফুলে দিছে বহাগ অহাৰ বতৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.