ETV Bharat / state

বিটিচি পৰিষদ গঠন কৰিয়ে বিটিআৰ চুক্তিৰ সংশোধন কৰিব বিপিএফে

author img

By

Published : Oct 30, 2020, 8:44 PM IST

চিৰাঙৰ পাণবাৰীৰ ভাংনামাৰীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ অধিক সংখ্যক আসন লাভ কৰি বিপিএফে চৰকাৰ গঠন কৰিব বুলি আশাবাদী হাগ্ৰামা । ইয়াৰ বাবে প্ৰয়োজনীয় ৰণকৌশল যুগুত কৰা বুলি ঘোষণা বিপিএফ প্ৰধান গৰাকীৰ ।

btc council
btc council

চিৰাং, 30 অক্টোবৰ : চিৰাং জিলাৰ পাণবাৰীৰ ভাংনামাৰীত বিপিএফৰ বিশাল নিৰ্বাচনী সভা । ক’ভিডৰ সকলো নীতি-নিয়ম উলংঘা কৰি প্ৰায় ১৫ সহস্ৰাধিক লোকৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীৰ জনসভা । বিটিচিৰ ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ সমৰ্থনত অনুষ্ঠিত উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ।

btc council
বিপিএফৰ বিশাল নিৰ্বাচনী সভা

মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত সৰহ সংখ্যক আসন জয় লাভেৰে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে । তেওঁ আৰু কয় যে সকলো দলেই নিজৰ নিজৰ দলীয় ৰণকৌশল লৈ কাম কৰি গৈছে । এতিয়ালৈ বিজেপিৰে মিত্ৰতা আছে যদিও পৰিষদীয় নিৰ্বাচনৰ পিচত ইয়াৰ চূড়ান্ত ৰূপ দিব । বিপিএফৰ দলীয় কোনো সংঘাত নাই বুলিও কয় হাগ্ৰামাই । আনফালে সম্প্ৰতি বিপিএফৰ ভিতৰ চ’ৰাত সংঘাত হৈ আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কোনো সংঘাত নাই বুলি স্পষ্ট কৰি দিয়ে ।

btc council
বিপিএফে চৰকাৰ গঠন কৰিব বুলি আশাবাদী হাগ্ৰামা

ইয়াৰোপৰি সভাপতি গৰাকীয়ে পুনৰ পৰিষদ দখল কৰা বাবে আন আন ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাৱে বিপিএফেও প্ৰয়োজনীয় ৰণকৌশল ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে বুলি মন্তব্য কৰে । পৰিষদ গঠন কৰিয়ে বিটিআৰ চুক্তি ক্ষতিকৰ বিষয় সমুহৰ সংশোধনিৰ ব্যৱস্থা কৰিব বিপিএফে । যিহেতু বিটিচিত অধিকাংশ লোকেই অজনজাতীয় আৰু বিটিআৰ চুক্তি একপক্ষীয় ভাৱে জনজাতীয় সকলৰ বাবে কৰা । ইয়াত অজনজাতীয় সকলৰ বাবে একো নাই বুলিও কয় হাগ্ৰামাই ।

বিটিচি পৰিষদ গঠন কৰিয়ে বিটিআৰ চুক্তিৰ সংশোধন কৰিব বিপিএফে

বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দল বিপিএফৰ বাবে একো ফেক্টৰ নহয় বুলি দাবী কৰি বিপিএফৰ চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি কয় হাগ্ৰামা মহিলাৰীয়ে । ইফালে ক’ভিড প্ৰট’কল ভংগ কৰি ভাংনামাৰী হাইস্কুল খেলপথাৰত বিপিএফে আয়োজন কৰা এই বিশাল নিৰ্বাচনী সভাত পোন্ধৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । সভাত হাগ্ৰামা মহিলাৰীৰ উপৰিও বিপিএফৰ ষ্টাৰ কেম্পেইনাৰ বিপুল ৰাভা, মহিলা বিপিএফৰ উপসভানেত্ৰী নিৰুপমা বসুমতাৰী, সম্পাদিকা আখতাৰা বেগম,বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়েও অংশগ্ৰহণ কৰে ।

btc council
হাগ্ৰামা মহিলাৰীৰ জনসভা

শনিবাৰে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীৰ হৈ ভূৰতিনালি থাইজাঝোৰাত নিৰ্বাচনী প্ৰচাৰ চলাব হাগ্ৰামা মহিলাৰীয়ে । মুঠতে অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে বিপিএফ দলে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ।

লগতে পঢ়ক : শিৱসাগৰ নগৰত ধৰ্ষণৰ বিৰুদ্ধে বাটৰ নাট প্ৰৰ্দশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.