ETV Bharat / state

অ’ভাৰব্ৰীজৰ তলতে দুৰ্বিষহ জীৱন কটাইছে এগৰাকী বৃদ্ধাই - বেচৰকাৰী সংস্থাক আৰু চৰকাৰ-প্ৰশাসনক আহ্বান

এটা দুৰ্বিষহ জীৱন । 60 বছৰ বয়সৰ উৰ্ধৰ বৃদ্ধা এগৰাকীয়ে অ’ভাৰব্ৰীজৰ তলতেই কটাইছে জীৱন ৷ চিৰাঙৰ বৰতালোৱা বজাৰত খুজি-মাগি খাই আৰু ধুমুহা-বৰষুণক নেওচি 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ অ’ভাৰ ব্ৰীজৰ তলতে নিশাটো পাৰ কৰি জীয়াই আছে বৃদ্ধাগৰাকীয়ে ৷ বৃদ্ধাগৰাকীৰ খোৱা আৰু থকাৰ সুবিধা কৰি দিবলৈ স্থানীয় ৰাইজে বেচৰকাৰী সংস্থাক আৰু চৰকাৰ-প্ৰশাসনক আহ্বান জনায় ৷

অ’ভাৰব্ৰীজৰ তলতে দুৰ্বিষহ জীৱন কটাইছে এগৰাকী বৃদ্ধাই

author img

By

Published : Apr 25, 2020, 2:03 PM IST

চিৰাং, 25 এপ্ৰিল : অ’ভাৰব্ৰীজৰ তলত বসবাস কৰা চিৰাঙৰ এগৰাকী দুৰ্ভগীয়া বৃদ্ধা । 60 বছৰ বয়সৰ উৰ্ধৰ বৃদ্ধাগৰাকীৰ নাম মামনি সহায় । তেওঁ নিজকে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাসিন্দা বুলি পৰিচয় দিয়ে যদিও নিজৰ বুলিবলৈ নাই কোনো আত্মীয়-স্বজন। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা হেতুকে সৰুতেই বৃদ্ধাগৰাকীক কোনো লোকে চিৰাঙৰ ঢালিগাঁৱৰ বৰতালোৱাত লৈ গৈ চাহৰ দোকান এখনত থৈ আহিছিল । তেতিয়াৰ পৰাই এইখন চাহৰ দোকানত কাম কৰিয়ে জীৱন অতিবাহিত কৰিলে বৃদ্ধাগৰাকীয়ে।

অ’ভাৰব্ৰীজৰ তলতে দুৰ্বিষহ জীৱন কটাইছে এগৰাকী বৃদ্ধাই
অ’ভাৰব্ৰীজৰ তলতে দুৰ্বিষহ জীৱন কটাইছে এগৰাকী বৃদ্ধাই

গোটেই জীৱন কুমাৰী হৈ কটোৱা বৃদ্ধাগৰাকীয়ে বৰতালোৱা বজাৰত খুজি-মাগি যি পায় তাকেই খায় আৰু নিশাটো ধুমুহা-বৰষুণক নেওচি 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ অ’ভাৰব্ৰীজৰ তলতে পাৰ কৰে । কিন্তু এই লক ডাউনৰ সময়ছোৱাত বজাৰ বন্ধ হোৱাৰ বাবে খাদ‍্যৰ নাটনি হৈছে বৃদ্ধাগৰাকীৰ । লগতে এই দুৰ্যোগৰ সময়ত কোনো বৃদ্ধাশ্ৰমত থোৱাৰো সুবিধা নাই । সেয়েহে স্থানীয় ৰাইজে বৃদ্ধাগৰাকীৰ খোৱা আৰু থকাৰ সুবিধা কৰি দিবলৈ বেচৰকাৰী সংস্থা বা চৰকাৰ-প্ৰশাসনক আহ্বান জনাইছে ৷

লগতে পঢ়ক : মৰিগাঁৱত সামাজিক মাধ্যমত এহাজাৰ টকীয়া বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.