ETV Bharat / state

আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত বৈঠক মন্ত্ৰী চন্দন ব্ৰহ্মৰ - লক ডাউন

সোমবাৰে বান নিয়ন্ত্ৰন সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী চন্দন ব্ৰহ্ম । চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে মিলিত হৈ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয় মন্ত্ৰী গৰাকীয়ে ।

চন্দন ব্ৰহ্ম
আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত বৈঠক মন্ত্ৰী চন্দন ব্ৰহ্মৰ
author img

By

Published : May 11, 2020, 9:37 PM IST

চিৰাং, ১১ মে': সমাগত বাৰিষা । যাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । সেয়হে অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি সোমবাৰে বান নিয়ন্ত্ৰন সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ সৈতে মিলিত হয় মন্ত্ৰী চন্দন ব্ৰহ্ম । চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে মিলিত হৈ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয় মন্ত্ৰী গৰাকীয়ে ।

চন্দন ব্ৰহ্ম
আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত বৈঠক মন্ত্ৰী চন্দন ব্ৰহ্মৰ

আনহাতে, সভাত মন্ত্ৰী গৰাকীয়ে দুৰ্যোগ প্ৰশমন বিভাগৰ সৈতে মিলিত হোৱাৰ লগতে জিলাখনৰ সকলো বিভাগৰ সৈতে মত বিনিময়ত ক্ৰমে জিলা খনৰ বান্ধ, মথাউৰি, ইত্যাদিৰ লগতে বান প্ৰতিৰোধ সন্দৰ্ভত আলোচনা কৰে ।

চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত মন্ত্ৰী চন্দন ব্ৰহ্ম, বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীকে আদি কৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী সকল উপস্থিত থাকে । মন্ত্ৰী চন্দন ব্ৰহ্মই সভাত আগন্তক বাৰিষাত বানপানীৰ মুখামুখি হ'ব পৰাকৈ সকলো ফালৰ পৰা প্ৰস্তুত হোৱাৰ বাবে জিলা প্ৰশাসনক আহ্বান জনায় ।

লক ডাউন সফলভাৱে তথা লক ডাউনৰ সকলো নিয়ম মানিবলৈয়ো আহ্বান জনায় মন্ত্ৰী চন্দন ব্ৰহ্মই । জিলাখনৰ শিক্ষা বিষয়া সকলক আধুনিক বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়ে । সভাত জিলা উপায়ুক্তই জিলাখনক সকলো ধৰনৰ বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে সকলো বিভাগ তথা বিষয়া সকলৰ সহযোগিতা বিচাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.