ETV Bharat / state

কোঁচ-ৰাজবংশীসকলৰ বাবে থাকিব বিশেষ পেকেজ: অমিত শ্বাহ

author img

By

Published : Feb 11, 2021, 3:48 PM IST

ব্যক্তিগত ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে চিৰাঙত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে চিৰাঙৰ ছাতিপুৰস্থিত অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত হোৱাৰ পাচতে মিলিত হয় এক বৈঠকত ৷ বৈঠকত উপস্থিত থাকে বহু হাই প্ৰফাইল নেতা ৷

কোচ ৰাজবংশী সকলৰ ভাল দিন আহি আছে: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

চিৰাং,11 ফেব্ৰুৱাৰী : আজি চিৰাঙৰ ছাতিপুৰস্থিত অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিৎ দাস আৰু বিজেপি সাংসদ নিশিথ পৰামানিক । পুৱা ১০.৩০ বজাত চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত হোৱাৰ পাচতে গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে এখন বৈঠকত ৷ বৈঠকত উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ সভাপতি নিৰ্মল ৰায়, সম্পাদিকা নমিতা বৰ্মন, কাৰ্যালয় সচিব পৰেশ বৰ্মন, সাংস্কৃতিক সম্পাদক ধনঞ্জয় ৰায়, সহকাৰী সম্পাদক মিথুন বৰ্মন, প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ লগতে উত্তৰ বংগৰ বিজেপি সাংসদ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আদি ।

প্ৰায় এঘণ্টা ধৰি অনুষ্ঠিত হয় এই আলোচনা ৷ অৱশ্যে এই আলোচনাত ৰাজনৈতিক বিষয়ৰ ওপৰত কেনেধৰণৰ আলোচনা কৰা হয় সেই সন্দৰ্ভত প্ৰকাশ নকৰে শ্বাহে ৷ কিন্তু অনন্ত ৰায় মহাৰাজে কয় যে, কোঁচ-ৰাজবংশীসকলৰ ভাল দিন আহি আছে । কোঁচ-ৰাজবংশীসকলৰ ৰৈ থকা দাবীসমূহ পূৰণৰ লগতে এই বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে অমিত শ্বাহে । ইয়াৰোপৰি কোঁচ-ৰাজবংশীসকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ৰাজবংশীৰ ভূমিত ৰাজবংশীসকল বহিৰাগত নহয়, ইয়াৰে বাসিন্দা বুলি আশ্বাস দিয়াৰ লগতে অৰ্ধ সামৰিক বাহিনীত কোঁচ-ৰাজবংশীসকলক সুবিধা দিয়াৰ লগতে চিলাৰায়ৰ নামত প্ৰশিক্ষণ কেন্দ্ৰ খোলা হ'ব বুলি জনাই শ্বাহে ।

বৈঠকৰ পাচতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰাওনা হয় কোঁচবিহাৰৰ ৰাজবাৰীলৈ ৷ শ্বাহে ৰাজবাৰীত দেৱতা মদন মোহনক দৰ্শন কৰাৰ লগতে এখন নিৰ্বাচনী জনসভা সম্বোধন কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: ৰঙিয়াত হেকাৰৰ কবলত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.