চিৰাং,১০ ফেব্ৰুৱাৰী: চিৰাঙৰ ভাৰত-ভুটান সীমান্তত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে চোৰাং চিকাৰীৰ চক্ৰ । মঙলবাৰে নিশা চিৰাঙৰ বন বিভাগ আৰু এচ এচ বিৰ যুটীয়া অভিযানত চিৰাঙৰ ভাৰত-ভুটান সীমান্তৰ জালুকবাৰীত তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয় ।
অভিযানকাৰী দলটোৱে গোপন সূত্ৰৰ পম খেদি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আমটেকা বনাঞ্চলত দাতিকাষৰীয়া ভাৰত-ভূটান সীমান্তৰ মালিভিটাৰ উত্তৰ পাৰৰ জালুকবাৰীত গ্ৰেপ্তাৰ কৰে এই তিনিজন চোৰাং চিকাৰীক ৷
ধৃত চিকাৰী কেইজন ক্ৰমে মনেশ্বৰ বসুমতাৰী(৩০), ফৈলাও বসুমতাৰী(২৬)আৰু খঞ্জিত গয়াৰী(৩৫) । এই চিকাৰী কেইজনে দীৰ্ঘদিনৰ পৰা বন গাহৰি আৰু হৰিণা চিকাৰ কৰি অবাধ বেহা চলাই আহিছিল ।
চোৰাং চিকাৰী কেইটাৰ পৰা বন বিভাগে তিনিটা মাৰনাস্ত্ৰ জব্দ কৰে । এই মাৰনাস্ত্ৰৰে বন গাহৰি আৰু হৰিণা চিকাৰ কৰি ৩৫০ টকা দৰত মাংস বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে আটাইকেইজনে ।
এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাটিৰীয়ে তদন্ত কৰি থকা বুলি জনায় । চিকাৰীকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাও জনায় বন বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক:কলিয়াবৰত ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত খেতিপথাৰ নষ্ট