ETV Bharat / state

চিৰাঙত Covidত স্বামীহাৰা হোৱা বিধৱাসকলক আৰ্থিক অনুদান প্ৰদান

author img

By

Published : Nov 16, 2021, 10:33 AM IST

সোমবাৰে চিৰাঙত জিলাখনৰ স্বামীহাৰা বিধৱাসকলক আৰ্থিক অনুদান প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী ৷

cheque-distribution-among-covid-widows-at-chirang
চিৰাঙত Covidত স্বামীহাৰা হোৱা বিধৱাসকলক আৰ্থিক অনুদান প্ৰদান

চিৰাং, 16 নৱেম্বৰ : সোমবাৰে চিৰাং জিলাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বিগত দিনত কৰ'ণা সংক্ৰমণৰ ফলত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত ৰাজ্য চৰকাৰে স্বামীহাৰা বিধৱাসকলক আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে ৰূপায়ণ কৰা আঁচনি অনুসৰি আৰ্থিক অনুদান প্ৰদান কৰা হয় ৷

পূৰ্বেও জিলাখনৰ স্বামীহাৰা বিধৱা মহিলাৰ বাবে জিলা প্ৰশাসনে বিধৱা মহিলাসকলৰ মাজত আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰিছিল ৷ সোমবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ক'ভিড-19 বিধৱা সহায়ক আঁচনিৰ অধীনত চিৰাং জিলাৰ চাৰিগৰাকী ক’ভিডত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা বিধৱা মহিলাৰ মাজত চৰকাৰী সাহাৰ্য অনুসৰি আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷

উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী (Jayanta Basumatary) ৷ চিৰাঙৰ কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি বসুমতাৰীয়ে কয় যে, ক'ৰণা মহামাৰীত মৃত্যু হোৱা লোকসকল ঘৰখনৰ মূৰব্বী আৰু একমাত্ৰ উপাৰ্জনকাৰী আছিল ৷ বৰ্তমানৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সদায় ৰাইজৰ লগত আছে বুলিও বিধায়ক গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে ৷

লগতে পঢ়ক : 'Assam Agricultural University'ৰ ২০২১-২২ বৰ্ষৰ অৰিয়েন্টেশ্যন অনুষ্ঠান সম্পন্ন

এই অনুষ্ঠানত মণিপুৰত হৈ যোৱা উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক কঠোৰভাৱে নিন্দা কৰে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ উল্লেখ্য যে, ১২ নৱেম্বৰত চিৰাঙৰ কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উগ্ৰপন্থীৰ আক্ৰমণত নিহত আসাম ৰাইফলছৰ কৰ্ণেল সহ পত্নী, পুত্ৰ আৰু জোৱানসকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় ৷

চিৰাঙৰ জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ সহিতে জিলা প্ৰশাসনৰ কেবাজনো বিভিন্ন বিভাগৰ বিষয়াই এই অনুষ্ঠানত অংশ লয় ৷ লগতে এই অনুষ্ঠানত চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা আৰু খনিন্দ্ৰ দাস সহ কেবাইজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক : ইন্টাৰেনেশ্যনেল কেৰিয়াৰৰ পৰা 8 বছৰ পূৰ্বে আজিৰ দিনটোতে বিদায় লৈছিল মাষ্টাৰ ব্লাষ্টাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.