ETV Bharat / state

বঙাইগাঁৱত জালনোটসহ আটক তিনি

200 আৰু 100 টকীয়া জালনোটসহ বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিগৰাকীকৈ লোকক ৷

বঙাইগাঁৱত জালনোটসহ ধৃত তিনি
author img

By

Published : Jul 20, 2019, 5:34 PM IST

চিৰাং, 20 জুলাইঃ বঙাইগাঁও আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলায় গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ লোকক ৷ লোক তিনিজন পাতিলাদহাৰ আব্দুৰ ৰহমান(২৮), উত্তৰ শালমাৰাৰ আইনুল হক(৩২) আৰু গোৱালপাৰাৰ বাপুজী নগৰৰ সুদিপ বিশ্বাস (৩৪) বুলি চিনাক্ত কৰাৰ লগতে লোককেইজনৰ পৰা 200টকীয়া 43খন আৰু 100টকীয়া 220খন জালনোট জব্দ কৰিছে আৰক্ষীয়ে ৷ জিলাখনৰ গৰাইমাৰীৰ পৰা প্ৰথমে দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিচতেই গোৱালপাৰাৰ পৰা আনজন লোকক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে ৷

Intro:বঙাইগাঁওত জালি ২০০ আৰু ১০০ টকীয়া নোট সহ তিনিজনক গ্ৰেপ্তাৰ বঙাইগাঁও আৰক্ষীৰ । ইতিমধ্যে বঙাইগাঁওত দহ হেজাৰ টকাৰ দুশ আৰু এশ টকীয়া নোট এৰিছে ।
Body:

বঙাইগাঁও আৰক্ষীৰ গোপন তথ্যৰ ভিত্তিত অভিযান । জিলাখনৰ গৰাইমাৰীৰ পৰা জালি নোট সহ প্ৰথমে দুজনক গ্ৰেপ্তাৰ কৰে তাৰ পিচতে তেওঁলোকক সোধপোচৰ ভিত্তিত গোৱালপাৰাৰ পৰা আন এজনক গ্ৰেপ্তাৰ কৰে । গৰাইমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা দুজনৰ এজন পাতিলাদহাৰ আব্দুৰ ৰহমান (২৮), আনজন উত্তৰ শালমাৰাৰ আইনুল হক (৩২) আৰু গোৱালপাৰাৰ বাপুজি নগৰ পৰা সুদিপ সুদিপ বিশ্বাস (৩৪) । গ্ৰেপ্তাৰ কেইজনৰ পৰা উদ্ধাৰ কৰা টকা খিনি ক্ৰমে ২০০ টকীয়া নোট ৪৩ টা আৰু ১০০ টকীয়া নোট ২২০ টা । আৰক্ষীয়ে প্ৰাথমিক জেৰা কৰাৰ পিচত গ্ৰেপ্তাৰ লোক কেইজনে ইথিমধ্যে স্বীকাৰ কৰিছে যে বজাৰত ২০০ আৰু ১০০ টকীয়া নোটৰ দহ হেজাৰ টকা এৰি দিছে । এই জালি নোট চক্ৰৰ মুল ব্যাক্তিজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে । মুঠতে সাৱধান হব লাগিব দুশ আৰু এশ টকীয়া নোট লোৱাৰ পুৰ্ব্বে ভালদৰে দেখিহে লব লাগিব । অন্যথা হয়তো আপোনিয়ো তেওঁলোকদ বজাৰত এৰি দিয়া জালীনোটৰ স্বিকাৰ হব পাৰে ।

বাইট : জ্যোতি লাহন, অচি বঙাইগাঁও সদৰ থানা ।

Conclusion:জালী নোটেৰে ভৰি পৰিছে অসম । শেষতিয়াকৈ বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন লোকক জেৰাৰ পিচতে পোহৰলৈ আহিছে এই ভয়াবহ তথ্য । সাধাৰনতে আমি পাঁচ শ বা দুহেজাৰ টকাৰ নোটবোৰ হে ভালদৰে দেখা হয় । কিন্ত এতিয়া দেখিনলৈ পোৱা গৈছে এশ আৰু দুশ টকীয়া জালি নোট ইতিমধ্যে বঙাইগাঁও জিলাতেই দহ হেজাৰ টকা এৰিছে গ্ৰেপ্তাৰ কৰা এই তিনিজন লোকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.