চিৰাং, 24 আগষ্ট : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত নীলিবাৰীত কৰ্তব্যৰত এগৰাকী আশাকৰ্মী মঙলবাৰে দুৰ্বৃত্তৰ আক্ৰমণ গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে(Physically attack on ASHA worker) । আহত আশাকৰ্মীগৰাকী আমিৰণ নেছা(৫০) বুলি জানিব পৰা হৈছে । কৰ্তব্যৰত আশাকৰ্মীগৰাকীক কৰ্মৰত অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি জিলাখনৰ আশাকৰ্মীসকলৰ মাজত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
দুৰ্বৃত্তৰ শাৰীৰিক আক্ৰমণত গুৰুতৰভাৱে আহত আশাকৰ্মী আমিৰণ নেছাক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । মঙলবাৰে দুপৰীয়া নীলিবাৰীৰ জনৈক আকবৰ আলীৰ ঘৰৰ গৰ্ভৱতী মহিলাৰ খবৰ ল’বলৈ যোৱাৰ সময়তে আশাকৰ্মী আমিৰণ নেছাৰ সৈতে আকবৰ আলীৰ প্ৰথমে বাক-বিতণ্ডাত লিপ্ত হয় আৰু তাৰপিছত আকবৰ আলীয়ে আশাকৰ্মীগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে(Physically attack on ASHA worker) ।
ঘটনাৰ সন্দৰ্ভত উক্ত দিনাই জিলা উপায়ুক্তক জনোৱা হৈছিল যদিও ঘটনাৰ ২৪ ঘন্টা উকলি যোৱাৰ পিছতো চিৰাং জিলা আৰক্ষীয়ে দোষী আকবৰ আলীক আটক নকৰাত আশাকৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি চিৰাং জিলা আশাকৰ্মী সন্থাই আশাকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে আকবৰ আলীক আটক কৰাৰ দাবীত কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ(JSB Civil Hospital Chirang) সন্মুখত বিক্ষোভ প্ৰদর্শন কৰে । তেওঁলোকে শীঘ্ৰে আকবৰ আলীক আটক নকৰিলে অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিয়ে ।
লগতে পঢ়ক: বিদ্যালয় হ্ৰাস কৰাৰ বিপৰীতে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰাৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ