জনজাতিৰ মৰ্যদা নোপোৱালৈকে হাত সাৱটি নাথাকো : গকুল বৰ্মন - Covid Protocol
চিৰাং আৰু বঙাইগাঁও জিলাত পৃথকে পৃথকে আক্ৰাছু (AKRSU)ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation Day) উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ কমতাপুৰ শ্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মণে চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

চিৰাং, 30 জুলাই : শুকুৰবাৰে বঙাইগাঁৱত (Bongaigaon) পৃথকে-পৃথকে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ 'আক্ৰাছু' (AKRSU)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । আক্ৰাছুৰ দুয়োটা গোটে পৃথকে-পৃথকে পালন কৰে প্ৰতিষ্ঠা দিৱস ৷ চৰকাৰে জাৰি কৰা ক'ভিড প্ৰট'কল (Covid Protocol) মানি সংগঠনটোৱে পালন কৰে এই দিৱস ৷ কোচ ৰাজবংশী সকলৰ জনজাতীকৰণ আৰু পৃথক কমতাপুৰ গঠনৰ বাবে চৰকাৰক দাবী জনাইছে সংগঠনটোৰ নেতৃত্বই ৷
শুকুৰবাৰে চিৰাং (Chirang) আৰু বঙাইগাঁও জিলাত পৃথকে-পৃথকে আক্ৰাছুৰ দুয়োটা গোটে ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । বঙাইগাঁৱৰ বৰপাৰাত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত প্ৰদীপ গোটৰ সদস্য সকলে পালন কৰে আৰু বঙাইগাঁও জিলাৰ চাপৰাকাটাত কামেশ্বৰ গোটৰ সদস্য সকলে পালন কৰে এই প্ৰতিষ্ঠা দিৱস ৷ বঙাইগাঁৱৰ বৰপাৰাত অনুষ্ঠিত হোৱা প্ৰদীপ গোটৰ সভাত উপস্থিত থাকে কমতাপুৰ শ্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মণ ।
লগতে পঢ়ক-বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ দি ৰাইজক বিপদৰ মাজলৈ ঠেলিছে শক্তি বিভাগে
মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মণে ভাষণ প্ৰংসগত কয যে, যেতিয়ালৈ চৰকাৰে কোচ ৰাজবংশী জাতিটোক জনজাতি মৰ্যদা আৰু কমতাপুৰ পৃথক ৰাজ্য নিদিয়ে তেতিয়ালৈ আন্দোলন কৰি যাব ৷ সংগঠনটো দুটা ভাগত বিভক্ত হৈছে যদিও প্ৰতিষ্ঠা দিৱসৰ পাছতেই একত্ৰিত হ'ব ৷ একত্ৰিতভাৱে আমাৰ নাৰ্য প্ৰাপ্যৰ কাৰণে যুঁজ দিয় যাব ৷
ইফালে চিৰাঙৰ চিদলীতো আক্ৰাছুৰ ৩১ সংখ্যক প্ৰতিষ্টা দিৱস উদযাপন কৰা। ক'ভিডৰ নীতি-নিয়ম মানি অনুষ্টুপীয়াকৈ আয়োজন কৰে আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস ৷ চিৰাঙত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ব্ৰজেন ৰায়, জিলা সভাপতি ৰঞ্জিত বৰ্মন,সম্পাদক দিলীপ ৰায় ৷
চিলাৰায় সেনা প্ৰচাৰ সম্পাদক প্ৰাঞ্জল বৰুৱা,মহিলা সমিতিৰ উপসভানেত্ৰী সুমিত্ৰা বৰ্মণৰ লগতে চিলাৰায় সেনা,মহিলা সমিতি আৰু সাংস্কৃতিক মঞ্চৰ সদস্য সকলো উপস্থিত থাকে ৷ প্ৰতিষ্ঠা দিৱস সম্পাদক দিলীপ ৰায়ে শ্বহীদ তৰ্পন কৰে।
লগতে পঢ়ক-লাইলাপুৰত কাণ্ডৰ শ্বহীদ সকললৈ বীৰ লাচিত সেনাৰ শ্ৰদ্ধাঞ্জলি