ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Dec 3, 2021, 5:06 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

Ind vs NZ Test : দললৈ প্ৰত্যাৱৰ্তন কিং কোহলীৰ

নিউজিলেণ্ডৰ সৈতে চলি থকা দ্বিতীয় টেষ্টখনত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে প্লেয়িং ইলেভেনলৈ উভতি আহি আয়োজক দলটোক নেতৃত্ব দিয়া দেখা যাব(Virat Kohli coming back to the playing XI )। অধিনায়কজনে বেটাৰ আজিঙ্ক ৰাহানেৰ স্থান লৈছে; আনফালে, পেচাৰ মহম্মদ চিৰাজে ইশান্ত শৰ্মাৰ ঠাইত দলত প্ৰৱেশ কৰিছে । খেলখনৰ সবিশেষ জানো আহক(skipper Kohli has replaced batter Ajiynkya) ৷

Har Ghar Dastak in Barpeta: ভেকচিন দিব গৈ অপ্ৰীতিকৰ পৰিস্থিতিত চিকিৎসকৰ দল

পাঁচ ডিচেম্বৰৰ ভিতৰত ক’ভিড ভেকচিনৰ প্ৰথম পালিৰে সকলোকে সাঙুৰি লোৱা লক্ষ্য ৰাজ্যৰ স্বাস্থ্য বিভাগ(Har Ghar Dastak vaccinating campaign launched in Assam)ৰ । পিছে ভেকচিন দিবলৈ যোৱা চিকিৎসক, যুটীয়া সঞ্চালক আৰু স্বাস্থ্যকৰ্মীৰ ঠায়ে ঠায়ে হৈছে লটি ঘটি । ভেকচিন দিবলৈ গৈ বহু ঠাইত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে স্বাস্থ্য বিষয়া, চিকিৎসকৰ দল । এনে এক ঘটনা সংঘটিত হৈছে সৰ্থেবাৰীৰ বেলবাৰীত ৷

Elephant Stuck in Pond at Goalpara : গোৱালপাৰাত পুনৰ বোকাত আৱদ্ধ ৬টা বন্যহস্তী

গোৱালপাৰাত চৈৰাবাৰীৰ এটা পুখুৰীত বন্যহস্তীৰ আৰ্তনাদ । বৃহস্পতিবাৰে নিশাৰে পৰা পুখুৰীটোৰ বোকাত আৱদ্ধ হৈ আছে ৬টা বন্যহস্তী(Elephant stuck in pond at Choirabari) । পুখুৰীৰ পাৰলৈ উঠি আহিবলৈ বহু চেষ্টা কৰিও বিফল হৈছে হাতীকেইটা ।

Wild Elephant Roamimg at Sukanjuri : ধূলিৰে ফাকু খেলিছে এজাক বন্যহস্তীয়ে

যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰে’লৰ খুন্দাত অথবা চোৰাং চিকাৰীৰ কৱলত পৰি বহু বন্যহস্তীয়ে অতিশয় দুখজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে, তেনে সময়তে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী এক বিশেষ অঞ্চলত দেখিবলৈ পোৱা গৈছে ইয়াৰ ওলোটা দৃশ্য ৷ বঢ়মপুৰৰ শুকানজুৰিৰ এখন কাঠনিবাৰীত আনন্দ মনেৰে ধূলিৰে সৈতে ফাকু খেলিছে এজাক বন্যহস্তীয়ে(Wild elephant roaming openly at Sukanjuri) ।

Drugs Burnt in Darrang: আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

মঙলদৈৰ চেৰেং চাপৰিত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Mangaldoi) ৷ বিগত তিনিবছৰে দৰঙ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া হয় শুকুৰবাৰে (Drugs seized by Darrang police)৷

Abhijit Bhattacharya in Controversy: নাট্যকাৰৰ স্পর্ধাক লৈ ব্যাপক প্ৰতিক্ৰিয়া

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা' নাটকখনক একে নামেৰে নিজৰ নামত অভিজিৎ ভট্টাচার্যই ২০২২-২৩ বৰ্ষৰ আৱাহন থিয়েটাৰৰ বাবে নতুন ৰূপত ৰচনা কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে একাংশ নাট্যপ্রেমী (Playwright Abhijit Bhattacharya in controversy)। ভ্রাম্যমাণ থিয়েটাৰ দর্শক ফ'ৰামৰ সাধাৰণ সম্পাদক প্রণৱজ্যোতি বৰ্মনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোনো কাৰণতে এই কাৰ্য সহ্য কৰা নহ'ব । সাংস্কৃতিক মন্ত্রীৰ লগতে সাংস্কৃতিক সঞ্চালকক স্মাৰক-পত্র প্ৰদান ।

Covid 19 Assam : ক’ভিড ভেকচিন গ্ৰহণ কৰি মৃত্যুক সাৱটিলে এগৰাকী বৃদ্ধাই !

টীয়কৰ উত্তৰ দুলীয়া গাঁৱত ক’ভিড ভেকচিন(Covid Vaccine) গ্ৰহণ কৰি মৃত্যু এগৰাকী 70 বছৰীয়া বৃদ্ধাৰ(Old woman dies after taking covid vaccine at Teok) ৷ ভেকচিন লোৱাৰ তিনি ঘণ্টা পাচতেই লাৱণ্য দাস নামৰ বৃদ্ধাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন পৰিয়ালৰ ৷ ঘটনা সন্দৰ্ভত টীয়ক এফ আৰ ইউ(FRU)ৰ ভাৰপ্ৰাপ্ত চিকিৎসক প্ৰতিক্ৰিয়া ব্যক্ত ৷

Medicines destroyed: চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত জ্বলিল লাখ লাখ টকাৰ ঔষধ

চিৰাঙৰ কাজলগাঁওৰ জেএচবি অসামৰিক চিকিৎসালয়ত চলিছে এতিয়া অনিয়ম ৷ ৰোগীক ঔষধ প্ৰদান নকৰি চিকিৎসালয়ৰ কতৃপক্ষই জ্বলালে লাখ লাখ টকাৰ ম্যাদ উকলা ঔষধ (Hospital Burns Expired Medicines at Kajalgaon) ৷

কলগাছিয়াত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ষ্টাম্প পেপাৰৰ দালাল

ৰাজ্যৰ ৰাজহ চক্ৰ কাৰ্যালয়সমূহত চলি অহা দালালৰাজ (Dalalraj in revenue circle offices of Assam) উৎখাত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ শ শ দালালক ৷ তাৰ মাজতে চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত অব্যাহত আছে ষ্টাম্প পেপাৰৰ নামত দালালি ৷

New Vehicle Rules in Assam: কলিয়াবৰত ধোঁৱাচাঙত উঠিল চৰকাৰী নিৰ্দেশনা

কলিয়াবৰত ধোঁৱাচাঙত উঠিল চৰকাৰী নিৰ্দেশনা ৷ মুখ্যমন্ত্ৰীৰ আহ্বানকো গুৰুত্ব নিদিয়াকৈ হেলমেট পৰিধান নকৰা একাংশ মটৰ চাইকেল চালক-আৰোহীৰ বিনা সংকোচে ঘুৰি ফুৰা দেখা গৈছে কলিয়াবৰৰ ৰাজপথত । ৰাজ্য চৰকাৰৰ কঠোৰ যান-বাহন আইন (New Vehicle Rules in Assam) নামানে একাংশ মটৰচাইকেল চালক-আৰোহীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.