শিৱসাগৰ,17 জুলাই : শিৱসাগৰত ক'ভিড-19ৰ আতংক ৷ সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰসহ তিনিজনৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷ ডিব্ৰুগড়স্থিত আই চি এম আৰৰ পৰা অহা স্বাৱৰ পৰীক্ষাৰ ফলাফলত ধৰা পৰে ক'ভিড-19 পজিটিভ ।

ফলাফল অনুসৰি সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ(৩০), বিধায়িকাৰ ঘনিষ্ঠ যীশু পাল (৩৯) আৰু গাড়ী চালক কাৰ্তিক বড়া(৩২) ৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ পজিটিভ। যাৰ ফলত এতিয়া তীব্ৰ গণ সংক্ৰমণৰ আশংকাই দেখা দিছে চৰাইদেউ জিলাত।

বিধায়িকা নৱনীতা সন্দিকৈৰ ফলাফল নিগেটিভ ঘোষণা কৰা হৈছে যদিও পুত্ৰ, গাড়ী চালক তথা ঘনিষ্ঠ নেতাৰ নিচেই ওচৰৰপৰা পাইছে বিধায়িকা গৰাকীয়ে। আনহাতে বৃহস্পতিবাৰে আৱেলি পৰ্যন্ত যিহেতু বিধায়িকা নৱনীতা সন্দিকৈয়ে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁই, উপায়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়া আৰু বহু ব্যক্তিৰ লগত বিশেষ সভাত উপস্থিত আছিল ৷

তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন জনৰ সংস্পৰ্শলৈ অহাটো নিশ্চিত হৈ পৰিছে বিধায়িকা গৰাকী । ফলস্বৰূপে এতিয়া চৰাইদেউৰ উপায়ুক্ত কাৰ্যালয়ত আতংকই বিৰাজ কৰিছে ।
লগতে পঢ়কঃ বানৰ কৱলত ৰাজ্যৰ 27 খন জিলা