ETV Bharat / state

বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

author img

By

Published : Aug 23, 2021, 4:21 PM IST

মহাযোঁটৰ ভিতৰ চ’ৰাত সন্দেহৰ বীজ ৷ বিশ্বাস হেৰুৱাইছে উভয়ে উভয়ৰ প্ৰতি ৷ এনে অৱস্থাত কেনেকৈ পাৰ হ’ব উপ নিৰ্বাচনৰ বৈতৰণী ? খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে স্বীকাৰ কৰিছে এই কথা ৷

Assam pradesh Congress
মহাযোঁটৰ ভিতৰ চ’ৰাত সন্দেহৰ বীজ

মৰাণ, 23 আগষ্ট : ‘‘মহাযোঁটক লৈ কংগ্ৰেছৰ ভিতৰ চ’ৰাত চলিছে গুমগুমনি ৷ মহাযোঁট সন্দৰ্ভত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে ৷ মহাযোঁটৰ সদস্যৰ মাজত বিজেপিমুখী চিন্তাই নষ্ট কৰিছে মহাযোঁটৰ ধৰ্ম ৷’’ খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিছে এই বিস্ফোৰক মন্তব্য ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে চৰাইদেউত উপস্থিত হয় ভূপেন বৰা ৷ তাতেই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

উল্লেখ্য যে, ইতিমধ্যে উপনিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত তৎপৰ হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষ ৷ ছটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ ৰাজ্যৰ কেইবাটাও স্থানত বিজেপিয়ে এই আশীৰ্বাদ যাত্ৰাৰ দ্বাৰা ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ পিচ পৰি ৰোৱা নাই বিৰোধী দল সমূহো ৷

মহাযোঁটৰ ভিতৰ চ’ৰাত সন্দেহৰ বীজ

লগতে পঢ়ক : আশীৰ্বাদ যাত্ৰাৰ অৰ্থ বুজি পোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

বিধানসভা নিৰ্বাচনত পৰাজয়, আগন্তুক উপ-নিৰ্বাচন তথা দলীয় ভেটি মজবুত কৰা আদি বিভিন্ন কাৰণত কংগ্ৰেছে ৰিপুন বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি দি ভূপেন বৰাৰ কান্ধত দলক উদ্ধাৰৰ ভাৰ দিয়ে ৷

আনহাতে, কংগ্ৰেছত সভাপতি কেন্দ্ৰিক যুঁজখন গাৰ ছাঁৰ দৰে ৷ বিভিন্নজনৰ মাজত এই আসনখনক লৈ বাদানুবাদ চলি থকা দেখা যায় ৷ তাৰ মাজতেই কংগ্ৰেছত মোক্ষম আঘাত হানিলে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহায়ে ৷ ক্ৰমে মৰিয়নি আৰু থাওৰা সমষ্টিৰ দুই বিধায়কে কংগ্ৰেছ এৰি যোগ দিলেগৈ বিজেপিত ৷ এৰিলে বিধায়কৰ পদো ৷

লগতে পঢ়ক : বিজেপিৰ বিৰুদ্ধে লখিমপুৰত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

দুই বিধায়কৰ লগতে বৰাকৰ কংগ্ৰেছ নেত্ৰী তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুস্মিতা দেবেও কংগ্ৰেছ ত্যাগ কৰি যোগ দিলে তৃণমূল কংগ্ৰেছত ৷ তাৰোপৰি নেতাৰ গমনৰ লগে লগে একাংশ পালি নেতা তথা সদস্যয়ো কংগ্ৰেছ ত্যাগ কৰি বিজেপি তথা আন দলত যোগ দিয়া দেখা গৈছে ৷ আপাত-দৃষ্টিত কংগ্ৰেছ এক প্ৰকাৰ দুৰ্বল হৈ পৰিছে ৷ কিন্তু মিত্ৰ দলৰ সৈতে খোজ মিলাই ইতিমধ্যে পুনৰ যুঁজিবলৈ টঙালি বান্ধিছে ভূপেন বৰাই ৷

অৱশ্যে মিত্ৰযোঁটক লৈও সমস্যাত পৰিছে কংগ্ৰেছ ৷ পোনতেই নিৰ্বাচনৰ পাচতে মিত্ৰযোঁটৰ পৰা প্ৰায় দূৰত অৱস্থান কৰা আৰম্ভ কৰিলে বিপিএফে ৷ আনহাতে ৰাইজৰ দলক বুকুত সুমুৱাব খুজিলেও এ আই ইউ ডি এফ থাকিলে কংগ্ৰেছক সংগ নিদিও বুলি এক প্ৰকাৰ নিশ্চিত কৰি দিছে ৰাইজৰ দলে ৷ বাকী থাকিল অসম জাতীয় পৰিষদ ৷

লগতে পঢ়ক : কংগ্ৰেছ নেতৃত্বক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা সাংসদ দিলীপ শইকীয়াৰ

গুজৱ চলিছে যে, লুৰীণ জ্যোতি গগৈ হ’ব পাৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৷ কিন্তু তাতো সমস্যা আছে ৷ বিধানসভা নিৰ্বাচনত দুটাকৈ সমষ্টিত পৰাজয় বৰণ কৰা লুৰিণ গগৈয়ে পুনৰ একেটা বছৰতে আকৌ এবাৰ যুঁজ দিয়াৰ মৰসাহ কৰিব নে ? ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰক্ৰিয়া আৰম্ভ হৈও বিধানসভা নিৰ্বাচনৰ পূৰ্বে হেণ্ডচেকতে সেই মিত্ৰতা ওৰ পৰিছিল ৷

অৱশ্যে ভূপেন বৰাই জনোৱা অনুসৰি বৰ্তমানেও অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে অব্যাহত আছে মিত্ৰতাৰ আলোচনা ৷ যদি সেয়া সম্ভৱ হৈ উঠে, এ আই ইউ ডি এফৰ সৈতে একেটা ছাতিৰ তলতে ৰাইজৰ দল আৰু এজেপি ঠিয় হোৱা বিষয়তো সন্দিহানত থাকি ৰ’ব ৷ কিন্তু ভূপেন বৰাই কোৱাৰ দৰে যদি মিত্ৰযোটৰ মাজত যদি অবিশ্বাস আৰু সন্দেহৰ বীজ সোমাইছে তেন্তে আগন্তুক উপ-নিৰ্বাচনত শাসনাধিষ্ঠ দল লাভান্বিত হোৱাৰেই সম্ভাৱনা অধিক ৷

লগতে পঢ়ক : সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.