ETV Bharat / state

Funeral ceremony of Uday Asom: ওপজা গাঁৱৰ মাটিত চিৰদিনলৈ বিলীন হ’ল লেঃ উদয় অসম - ULFA I cader killed in encounter in Tinsukia

শেষকৃত্য সমাপন কৰা হ’ল আৰক্ষীৰ গুলীত নিহত হোৱা আলফা(স্বাঃ)ৰ সদস্য লেঃ উদয় অসমৰ (Funeral ceremony of Uday Asom) ৷ চৰাইদেউৰ জিলাৰ সোণাৰিৰ জৱকা গাঁৱত শ শ ৰাইজে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে উত্তম লাহন ওৰফে উদয় অসমক ৷ বৃহস্পতিবাৰে পুৱতি নিশা তিনিচুকীয়াত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল আলফা(স্বাঃ)ৰ সদস্যগৰাকী (ULFA I cadre Uday Asom gunned down) ৷

Funeral ceremony of late ULFA I cadre Uday Asom
লেঃ উদয় অসমৰ শেষকৃত্য সমাপন
author img

By

Published : Feb 10, 2023, 10:03 PM IST

লেঃ উদয় অসমৰ শেষকৃত্য সমাপন

মৰাণ, 10 ফেব্ৰুৱাৰী: আৰক্ষীৰ বৃহৎ বেষ্টনীৰ মাজেৰে নিজ গৃহ পালেহি বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত নিহত হোৱা আলফা(স্বাঃ)ৰ নেতা উত্তম লাহন ওৰফে লেঃ উদয় অসমৰ মৃতদেহ । চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী পুৰণি জৱকা গাঁৱৰ নিজ গৃহত উত্তম লাহনৰ মৃতদেহ আহি পোৱাৰ পাচতে ঘৰখনত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ (ULFA I cadre Uday Asom gunned down) ।

পুত্ৰৰ মৃতদেহ দেখি দুখত ভাগি পৰে দুৰ্ভগীয়া মাতৃ । আৰক্ষীৰ গুলীত ভাতৃৰ মৃত্যুৰ পাচতে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰে, উত্তম লাহনৰ জ্যেষ্ঠ ভাতৃয়ে । 2012 বৰ্ষত কামৰ সন্ধানত ডিমাপুৰলৈ ওলাই গৈ আলফা স্বাধীনত যোগদান কৰিছিল উত্তম লাহনে ৷ ইয়াৰ পূৰ্বে মৃত উত্তমৰ সপোন আছিল আৰক্ষী বা সেনা বাহিনীত যোগদান কৰি দেশ মাতৃৰ সেৱা আগবঢ়োৱা । ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম আৰু অনুশীলন কৰাৰ পাচত উৎকোচ দিয়ো উত্তম লাহনে চাকৰি নাপালে বুলি ভাতৃয়ে বিস্ফোৰক মন্তব্য কৰে (ULFA I cadre Uday Asom killed) ।

লগতে পঢ়ক: ULFA I cadre neutralized: কেইবাটাও আক্ৰমণৰ ঘটনাত জড়িত উদয় আছিল আৰক্ষীৰ বাবে মূৰৰ কামোৰণি

কঠোৰ অনুশীলন আৰু পৰিশ্ৰমৰ স্বত্বেও উৎকোচ দিব নোৱাৰাৰ বাবেই উত্তম ডিমাপুৰলৈ কামৰ সন্ধানত ওলাই গৈছিল বুলি জ্যেষ্ঠ ভাতৃয়ে মন্তব্য কৰে । এনে এক শোকাকুল পৰিৱেশৰ মাজতে 11 বছৰ পূৰ্বে ঘৰৰ পৰাই ওলাই যোৱা উত্তম লাহন ওৰফে উদয় অসমক ওচৰৰ পৰা চাবলৈ আহিল শ শ ৰাইজ । ইয়াৰ পাচতে ৰাইজে উদয় অসমৰ মৃতদেহ গায়ন-বায়নেৰে শোভাযাত্ৰা কৰি পুৰণি জবকাৰ ইয়ং ষ্টাৰ ক্লাৱৰ বাকৰিলৈ আদৰি নিয়ে (ULFA I news) ।

ইয়াতে আলফা স্বাধীনে অমৰ মৃতক ঘোষণা কৰা উদয় অসমৰ শেষকৃত্য সম্পন্ন কৰে ৰাইজে (ULFA I cadre Uday Asom)। উদয় অসম অমৰ হওক ধ্বনিৰে শ শ ৰাইজে বিদায় দিলে আলফা কেডাৰজনক । পুৰণি জবকা গাঁৱত শুকুৰবাৰে বিৰাজ কৰিলে এক শোকাকুল পৰিৱেশ ( Funeral ceremony of late ULFA I cadre Uday Asom)।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পুৱতি নিশা মাৰ্ঘেৰিটাত আৰক্ষী আৰু আলফা(স্বাঃ)ৰ মাজত সংঘৰ্ষ সূত্ৰপাত হয় (ULFA I cader killed in encounter in Tinsukia) । আৰক্ষী আৰু আলফা(স্বাঃ)ৰ সদস্যৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত নিহত হয় আলফা(স্বাঃ)ৰ সদস্য লেঃ উদয় অসমৰ । পুৰণি জবকাৰ বাসিন্দা প্ৰয়াত পদুম লাহন আৰু গণিতা লাহনৰ তৃতীয় পুত্ৰ উদয় অসমে 2012 চনতে ঘৰৰ পৰা কামলৈ বুলি ওলাই যোৱাৰ পাচতে আলফাত যোগদান কৰিছিল । 2012 চনতে ঘৰৰ পৰা ওলাই যোৱা উত্তম লাহন এবাৰো ঘৰলৈ অহা নাছিল । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান উত্তম লাহনৰ মৃত্যুত পৰিয়ালৰ লগতে চৰাইদেউ জিলাবাসীয়েও শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: ULFA I Cadre Gunned down: নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসমক অমৰ মৃতক ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.