ETV Bharat / state

চৰাইদেউৰ চুকাফা পঞ্চায়তত উত্তপ্ত পৰিস্থিতি - চুকাফা গাঁও পঞ্চায়ত

ভূমি সংৰক্ষণ বিভাগৰ প্ৰশিক্ষণ কাৰ্যসূচীত বাধা প্ৰদান স্থানীয় যুৱকৰ । হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ নামত খেলিমেলি কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতি তথা স্থানীয় যুৱকৰ । উপায়ুক্তক সমগ্ৰ বিষয়টো তদন্তৰ দাবী ।

Pmksy
চৰাইদেউৰ চুকাফা পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Sep 11, 2021, 5:15 PM IST

মৰাণ,১১ ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ অন্তৰ্ভুক্ত নাজিৰা বিধানসভা সমষ্টিৰ চুকাফা গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত এটা প্ৰশিক্ষণ কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেন্দ্ৰীয় চৰকাৰৰ PMKSY (Pradhan Mantri Krishi Sinchai Yojana) আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীৰ তালিকাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলে । জানিব পৰা মতে PMKSY আঁচনিৰ অধীনত উৎপাদন ব্যৱস্থা আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ ভিত্তিত ভূমি সংৰক্ষণ বিভাগৰ (Soil conservation department) WDC ৰ যোগেদি উৎপাদনকাৰী আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠান আগবঢ়াবৰ বাবে আত্মসহায়ক গোট আৰু ব্যক্তিগতভাৱে চৰকাৰে আৰ্থিক সাহায্য আৰু ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছে ।

চৰাইদেউৰ চুকাফা পঞ্চায়তত উত্তপ্ত পৰিস্থিতি

কিন্তু WDCৰ অন্তৰ্গত সমিতিবোৰে পঞ্চায়ত বা স্থানীয় ৰাইজক অৱগত নকৰাকৈ নিজ ইচ্ছাৰে বিভাগীয় বিষয়াৰ লগ হৈ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি এই তালিকাত চাকৰিয়াল,পঞ্চায়তৰ প্ৰতিনিধি তথা গাওঁৰক্ষী বাহিনীৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰিছে WDCৰ সমিতিয়ে । ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় যুৱকসকল ।

যাৰ ফলত চুকাফা পঞ্চায়তৰ সভাগৃহত শুকুৰবাৰে যোৰহাট সংমণ্ডল ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত অনুষ্ঠিত PMKSYৰ হিতাধিকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীত বাধা প্ৰদান কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলে । আনহাতে এই আচঁনিৰ তালিকাত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে শিৱসাগৰ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে চুকাফা পঞ্চায়তৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :দেৰগাঁৱত কবি নীলমনি ফুকনৰ ওপজা দিন পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.