ETV Bharat / state

ক'ভিডৰ ঔষধ প্ৰস্তুতকৰণৰ গৱেষণাত জড়িত হৈ আছে চৰাইদেউৰ এজন যুৱক - চৰাইদেউ

ক’ভিড-19 (COVID-19)ৰ ঔষধ প্ৰস্তুতকৰণৰ গৱেষণাত জিলিকিছে অসমৰ চৰাইদেউৰ এজন যুৱক । এই ঔষধৰ গৱেষণা আৰু সম্পূৰ্ণ গৱেষণাৰ প্ৰতিবেদন প্ৰস্তুতত জাৰ্মানী, পুনে আৰু হায়দৰাবাদৰ তিনিটা কোম্পানীৰ লগতে অসমৰ চৰাইদেউ জিলাৰ যুৱক অমৃত প্ৰীতম ভূঞাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।

A youth of Charaideo involved in covid medicine research
ক'ভিডৰ ঔষধ প্ৰস্তুতকৰণৰ গৱেষণাত জড়িত হৈ আছে চৰাইদেউৰ এজন যুৱক
author img

By

Published : Jul 17, 2021, 9:15 AM IST

মৰাণ, 17 জুলাই : ক'ভিড ভয়াৱহতাৰ মাজতে ৰাজ্যবাসীলৈ আহিছে এটা ভাল খবৰ । ক’ভিড-19 (COVID-19) ৰ ঔষধ প্ৰস্তুতকৰণৰ গৱেষণাত জিলিকিছে অসমৰ চৰাইদেউৰ এজন যুৱক । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল (Digital) আলোচনীত প্ৰকাশ পোৱা তথ্য অনুসৰি ক’ভিড প্ৰতিষেধৰ মানৱ পৰীক্ষণৰ (HUMAN CLINICAL TRIAL) সফলতাই প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে মহামাৰী ক’ভিড-19 (COVID-19)ৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ৷

ক'ভিড মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ মাজতে আশাৰ সঞ্চাৰ আনিছে VEDICINALS 9 শীৰ্ষক ইণ্ডো-জাৰ্মান (INDO-GERMAN) কোম্পানী Vedicinals India pvt ltd ৰ নিউট্ৰেচিটিকেল মেডিচিনে (NUTRACITICALS MEDICINE) । যিয়ে ক’ভিড-19 (COVID-19)ৰ সহযোগী চিকিৎসাৰ ঔষধ ৰূপে প্ৰয়োগ কৰিব পাৰিব বুলি গৱেষণাত প্ৰকাশ কৰা হৈছে । বিশেষকৈ দীর্ঘদিনীয়া ক’ভিড-19 (COVID-19)ৰ লগতে ক’ভিডৰ পিছৰ ব্যাধি এই নিউট্ৰেচিটিকেল মেডিচিনে নাইকিয়া কৰিব বুলি নিৰ্ধাৰণ কৰা হৈছে।

A youth of Charaideo involved in covid medicine research
ক'ভিডৰ ঔষধ প্ৰস্তুতকৰণৰ গৱেষণাত জড়িত হৈ আছে চৰাইদেউৰ এজন যুৱক

প্ৰাকৃতিক বনৌষধযুক্ত উদ্ভিদৰ পৰা লোৱা ৯ টা বিশেষ সক্ৰিয় অণু (MOLECULE)ৰে তৈয়াৰ কৰা হৈছে এই নিউট্ৰেচিটিকেল মেডিচিন । উল্লেখ্য যে, এই ঔষধৰ গৱেষণা আৰু সম্পূৰ্ণ গৱেষণাৰ প্ৰতিবেদন প্ৰস্তুতত জাৰ্মানী, পুনে আৰু হায়দৰাবাদৰ তিনিটা কোম্পানীতে অসমৰ চৰাইদেউ জিলাৰ যুৱক অমৃত প্ৰীতম ভূঞাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

অমৃত প্ৰীতম ভূঞাই আৰু তেওঁৰ সতীৰ্থ ডাঃ বেভৱ চাবলে বেদিচিনেল 9 (VEDICINAL 9) ঔষধৰ কম্পিউচনেল বায়োল’জী এণ্ড ইঞ্চিলিকো ড্ৰাগ ডিস্কোভাৰী (COMPUTIONAL BIOLOGY & INSILICO DRUG DISCOVERY)ৰ সম্পূৰ্ণ গৱেষণাৰ লগতে ঔষধৰ বাবে প্ৰয়োজনীয় সম্পূৰ্ণ শৰীৰৰ ৭১ টা বিশেষ ভূমিকাক সামৰি হোৱাইট পেপাৰ (WHITE PAPER) প্ৰস্তুত কৰিছে । বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰা অমৃত প্ৰীতম ভূঞা ষ্টাৰ্টআপ কোম্পানী "MrBiologist"ৰ স্বত্বাধিকাৰী ।

কোম্পানীটোৰ ৱেবচাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি অসম সন্তান অমৃত প্ৰীতম ভূঞাই তেওঁলোকৰ ডাইৰেক্টৰ অৱ বোৰ্ড (DIRECTOR OF BOARD)তো স্থান লাভ কৰিছে । FSSI চাৰ্টিফিকেটৰ সৈতে এই Nutraceuticals ইতিমধ্যে গ্ৰাহকৰ বাবে অনলাইনত উপলব্ধ হৈছে ।

লগতে পঢ়ক: মাইকী গৰু-ম'হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.