গুৱাহাটী, ১৮ ফেব্ৰুৱাৰীঃ মহানগৰীৰ জালুকবাৰীত স্থানীয় ৰাইজে সোমবাৰে এক প্ৰতিবাদী সমদল উলিয়ায়। কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত এই সমদল। পাকিস্তান মুর্দাবাদ, সন্ত্ৰাসবাদ মুর্দাবাদ, ইমৰান খান মুর্দাবাদ, ভাৰত মাতা কি জয় ধ্বন্নিৰে উত্তাল কৰি তোলে সমগ্ৰ জালুকবাৰী। জালুকবাৰী ইদগাহ ময়দানৰ পৰা ভূপেন হাজৰিকা সমাধিক্ষেত্ৰলৈ উলিয়াই হয় এই সমদল।
আনহাতে জালুকবাৰী ব্যৱসায়ী আৰু মালিক সন্থাই শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।