ETV Bharat / state

গোৱালপাৰাত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ পুত্তলিকা দাহ - ইমৰান খান

দিনযোৰা কাৰ্যসূচীৰে লক্ষীপুৰ ব্যৱসায়িক সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ

goalpara protest
author img

By

Published : Feb 19, 2019, 2:41 AM IST

goalpara protest
গোৱালপাৰা, ১৮ ফেব্ৰুৱাৰীঃ পাকিস্তান আৰু সন্ত্ৰাস বিৰোধী শ্ল'গানেৰে উত্তাল পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ ৰাজপথ। সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে লক্ষীপুৰ ব্যৱসায়িক সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। ব্যৱসায়ীসকলে ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাকিস্তান উগ্ৰপন্থীৰ আত্মাঘাটী আক্ৰমণত শ্বহীদ হোৱা জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে,লক্ষীপুৰৰ দোকান পোহাৰ বন্ধ ৰাখি আবেলি বাইক ৰেলী আৰু সন্ধিয়া শ্বহীদ জোৱানৰ স্মৃতিত চাকি জ্বলাই। তাৰোপৰি পাক প্ৰধান মন্ত্ৰী ইমৰান খানৰ পুত্তলিকা আৰু পাকিস্তানৰ পতাকা দাহ কৰি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।
undefined

Slug - Shraddhanjalee and protest Rally vis+byte send FTP.
   Anchor -  পাকিস্তান আৰু সন্ত্ৰাস বিৰোধী শ্লোগানেৰে উত্তাল পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ নগৰৰ ৰাজপথ। আজি দিনজোৰা কাৰ্য্যক্ৰমণিকাৰে লক্ষীপুৰ ব্যৱসায়িক সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। সমগ্ৰ লক্ষীপুৰ নগৰৰ দোকান পোহাৰ বন্ধ ৰখাৰ লগতে দুপৰীয়া বাইক ৰেলী আৰু সন্ধিয়া ছয় বজাত ছহিদ জোৱানৰ স্মৃতিত চাকি জ্বলাই পুষ্প মালাৰে ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে লক্ষীপুৰ নগৰৰ সহস্ৰাধিক পুৰুষ মহিলা আৰু শিশুৱএ হাতে হাতে মমবাতি লৈ পাকিস্তান মূৰ্দাবাদ, সন্ত্ৰাসবাদী নিপাত যাওক, সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। সমগ্ৰ লক্ষীপুৰ পৰিভ্ৰমণ কৰি পাক প্ৰধান মন্ত্ৰী ইমৰান খানৰ পুত্তলিকা দাহ কৰাৰ লগতে পাকিস্থানী পতাকা দাহ কৰি ক্ষোভ উজাৰে। উল্লেখযোগ্য যে পলুৱামাত আত্মবলিদান দিয়া বীৰ জোৱান কেইগৰাকীৰ আত্মাৰ শান্তি কামনা কৰি সন্ত্ৰাসবাদীক আলপৈচান ধৰা পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ব্যৱসায়িক সন্থাই দাবী উত্থাপন কৰে। 
      গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.