গুৱাহাটী, 16 মে’: অনলাইনত সামগ্ৰী ক্ৰয় কৰোতে সাৱধান হঁওক । ন’হলে পৰিব পাৰে বিপদত ৷ বৰ্তমান অনলাইন কোম্পানীৰ নামত দুষ্কৃতিয়ে মেলিছে ভয়ংকৰ জাল । আপুনি ক্ৰয় কৰা সামগ্ৰীৰ পৰিৱৰ্তে আপোনালৈ আহিব পাৰে অন্য সামগ্ৰী । এনে এক ঘটনা সংঘটিত হ'ল মহানগৰীৰ মালিগাঁও বৰিপাৰাত । অনলাইনৰ নামত গ্ৰাহকক ৰামঠগন ।
বিদুৎ কলিতা নামৰ এগৰাকী যুৱকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিল ‘নিকন D 750’ নামৰ এটা অত্যাধুনিক কেমেৰা । অনলাইন যোগে ক্ৰয় কৰিছিল এক লাখ এক হাজাৰ নশ নিৰানব্বৈ টকা মূল্যৰ কেমেৰাটো । কিন্তু অৰ্ডাৰ অনুসৰি অহা পাৰ্চেল বৃহস্পতিবাৰে খুলি চাই হতবাক হৈ পৰে যুৱকজন । কিয়নো যুৱকজনে কেমেৰাৰ পৰিৱৰ্তে লাভ কৰিলে এটা ‘বিকল কেমেৰা’ আৰু পাঁচ পিছ ’ৰিন চাবোন’ ।
লগতে পঢ়কঃ মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ চাদেন ভিজিত!
এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে একাংশ অনলাইন কোম্পানীয়ে গ্ৰাহকক ৰামঠগন দিবলৈ মেলিছে ভয়ংকৰ জাল । সেয়েহে সজাগ হওক আপুনিও, নহ'লে মালিগাঁৱৰ বিদুৎ কলিতাৰ দৰেই অৱস্থা হ'ব পাৰে আপোনাৰো ।