গুৱাহাটী, 8 মাৰ্চঃ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনাই ই-ৰিক্সা লৈ জীৱন সংগ্ৰামৰ যুঁজত নামিল এগৰাকী মঙলদৈৰ জীয়ৰী । গুৱাহাটীৰ প্ৰথমগৰাকী মহিলা ই -ৰিক্সা চালক হিচাপে আত্মপ্ৰকাশ ঘটিল মঙলদৈৰ ধানমনি বৰা ৷ মঙলদৈৰ এখন ভিতৰুৱা গাঁৱৰ ধানমনি বৰা নামৰ মহিলাগৰাকীয়ে বাছি ললে জীৱিকা উপাৰ্জনৰ এক নতুন পথ । মহানগৰীৰ হাটীগাঁৱৰ ৰাজধানী মছজিদৰ পৰা লালমাটিলৈ নিজৰ ই-ৰিক্সাখনলৈ ধানমনি বৰাই শুকুৰবাৰৰ পৰা অৰ্থাৎ নাৰী দিৱসৰ দিনাখনৰ পৰাই আৰম্ভ কৰিলে গুৱাহাটীৰ প্ৰথম গৰাকী ই-ৰিক্সা চালকৰ জীৱন অধ্যায় । পুৰুষ মহিলা যদিহে সমঅধিকাৰী তেনেহলে মহিলাই কিয় ৰিক্সা চলাব নোৱাৰে ? এই প্ৰশ্নৰ উত্তৰ বিছাৰিয়ে, চৰকাৰী চাকৰিলৈ ভ্ৰক্ষেপ নকৰি ই-ৰিক্সা চলাই আন দহজনৰ আদৰ্শ হৈ পৰিছে ধানমনি বৰা ৷
আনহাতে, গুৱাহাটী মহানগৰীৰ প্ৰথম ই ৰিক্সা চালক হিচাপে গৌৰৱ অনুভৱ কৰা ধানমনি বৰাই অন্যান্য মহিলা সকলকো লাজ নকৰি নিজৰ পছন্দ অনুসৰি কাম কৰি যাবলৈ আহ্বান জনায় ।