ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন

author img

By

Published : Sep 23, 2020, 4:47 PM IST

মঙলবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত পালন কৰা হয় বিশ্ব গঁড় দিৱস ৷ উক্ত দিৱসৰ লগত সংগতি ৰাখি উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ উপায়ুক্তৰ লগতে উদ্যানখনৰ ৰেঞ্জাৰ আৰু অন্যান্য বিষয়ববীয়া ৷

World rhino day celebration in manas national park Barama Baksa assam etv bharat news
বিশ্ব গঁড় দিৱস উদযাপন

বৰমা,23 ছেপ্তেম্বৰ: প্ৰকৃতিৰ ৰম্যভূমি তথা বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত মঙলবাৰে উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস । এই অনুষ্ঠানত বাক্সাৰ উপায়ুক্ত ৰঞ্জন শৰ্মা, শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী,শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য,মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ফিল্ড ডিৰেক্টৰ অমল চন্দ্র শৰ্মাকে ধৰি উদ্যানখনৰ লগত জড়িত কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

বিশ্ব গঁড় দিৱস উদযাপন

অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে সমগ্ৰ বিশ্বত পাঁচটা প্ৰজাতিৰ গঁড় থকাৰ কথা ব্যক্ত কৰে ৷ লগতে গঁড়ৰ ক্ষেত্ৰত থকা অন্ধবিশ্বাস সমূহ দূৰ কৰি ইয়াক চোৰাং চিকাৰীৰ পৰা বচোৱাৰ বাবে ল’বলগীয়া সজাগতাৰ কথা ভাষণযোগে ব্যক্ত কৰে ৷ সম্প্ৰতি গঁড়ৰ প্ৰজাতিসমূহৰ ভিতৰত দুটা প্ৰজাতিৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে ৷ সেয়ে ইয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হ’বলৈ ৰাইজক আহ্বান জনাই উপায়ুক্তগৰাকীয়ে ৷ সম্প্ৰতি মানাহত 43 টা গঁড় থকা বুলিও দাবী উত্থাপন কৰে জিলা উপায়ুক্তগৰাকীয়ে । বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷

লগতে চাওকঃ ডিব্ৰুগড় বিমানবন্দৰত জব্দ কেইবা লক্ষাধিক নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.