কাছাৰ, 4 ডিচেম্বৰ : কাছাৰ জিলাৰ বেৰেঙ্গাত সংঘটিত হ'ল এক মৰ্মান্তিক দুৰ্ঘটনা ৷ অ'টোৰ ওপৰত গছ পৰি মৃত্যু দুজন যাত্ৰীৰ ৷ গুৰুতৰভাৱে আহত আন তিনিজন যাত্ৰী ৷ মৃত লোক দুজন হ'ল বেৰেঙ্গাৰ আব্দুল ৰেজাক আৰু নেয়াইৰগ্ৰামৰ এনামূল হক ৷

জানিব পৰা মতে, বেৰেঙ্গাৰ পৰা পাঁচজন যাত্ৰী লৈ এখন অ'টো বাহনেৰে শিলচৰৰ অভিমুখে যাত্ৰা কৰিছিল ৷ সেই সময়তে বেৰেঙ্গা নাথপাড়াৰত পথৰ কাষত কিছু লোকে গছ কাটি আছিল ৷ হঠাৎ গছডাল বাহনখনৰ ওপৰত পৰি যোৱাত থিতাতে মৃত্যু হয় দুজন যাত্ৰীৰ আৰু গুৰুতৰভাৱে আহত হয় আন তিনিজন যাত্ৰী ৷
আহতকেইজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : পাঁচদিনীয়া ভ্ৰমণসূচীৰে 5 ডিচেম্বৰত অসমলৈ জীতেন্দ্ৰ সিং