ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ মাজতেই শিলচৰত চাঞ্চল্যকৰ ঘটনা

author img

By

Published : Mar 15, 2021, 12:34 PM IST

সদ্য বিজেপি পদত্যাগী নেতা তথা শিলচৰৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ পালৰ ইলেকশ্বন এজেন্টৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ বিজেপিৰ টিকট বঞ্চিত শিলচৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ উপাধ্যক্ষ দিলীপ পালৰ এজেন্ট বাবু সিঙৰ ৰামনগৰৰ বাসগৃহত নিশা দুৰ্বৃত্তই শিল, কাঠ আদি দলিয়াই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

নিৰ্বাচনী প্ৰচাৰৰ মাজতেই শিলচৰত চাঞ্চল্যকৰ ঘটনা
নিৰ্বাচনী প্ৰচাৰৰ মাজতেই শিলচৰত চাঞ্চল্যকৰ ঘটনা

শিলচৰ,15 মাৰ্চ: ৰাজ্যত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে দেওবাৰে নিশা শিলচৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ সদ্য বিজেপি পদত্যাগী নেতা তথা শিলচৰৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ পালৰ নিৰ্বাচনী এজেন্টৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ বিজেপিৰ টিকট বঞ্চিত শিলচৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ উপাধ্যক্ষ দিলীপ পালৰ এজেন্ট বাবু সিঙৰ ৰামনগৰৰ বাসগৃহত নিশা দুৰ্বৃত্তই শিল, কাঠ আদি দলিয়াই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এই ঘটনা সংঘটিত হোৱাৰ পাচতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰি দিলীপ পালে কয়, শিলচৰবাসী ৰাইজে কেতিয়াও হিংসাত্মক ৰাজনীতি পছন্দ নকৰে ৷ গতিকে এই ঘটনাৰ উচিত বিচাৰ অনাগত দিনত ৰাইজে কৰিব ৷ ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত বৃহৎ পৰিমাণৰ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.