শিলচৰ, 8 এপ্ৰিলঃ শিলচৰ চহৰৰ নিকটবৰ্তী বৰমবাবাৰ মন্দিৰ পৰিচালনা কমিটিৰ লোকে চৰকাৰৰ আৰোগ্য নিধিলৈ 1 লক্ষাধিক টকাৰ অনুদান প্ৰদান কৰে । বুধবাৰে শিলচৰৰ প্ৰাক্তন সাংসদ ডঃ ৰাজদ্বীপ ৰায়ক সাক্ষাৎ কৰি তেওঁৰ হাতত চেক প্ৰদান কৰে মন্দিৰ পৰিচালনা কমিটিৰ লোকে ।
লক ডাউনৰ সময়ত শিলচৰৰৰ ভেটেৰান ক্ৰিকেটাৰ্ছ ক্লাৱৰ সদস্যসকলে শিলচৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত ভিন্ন কামৰ লগত জড়িত হৈ থকা শ্ৰমিক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।
আনহাতে শিলচৰৰ জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলেও বুধবাৰে দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰে ।