কাছাৰ,১১ জানুৱাৰী: কাছাৰ জিলাৰ ধলাইত মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ সম্মুখত হাতে-হাতে প্লেকার্ড লৈ বিক্ষোভ প্ৰদৰ্শন কংগ্ৰেছীসকলৰ ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গাড়ী চালকক উদ্ধাৰৰ দাবীত এই বিক্ষোভ প্ৰদৰ্শন কৰে ধলাইৰ কংগ্ৰেছ কৰ্মীসকলে । মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে ধলাইৰ এখন পাৰ্ক উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰী হায় হায়, পৰিমল শুক্লবৈদ্য হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
উল্লেখ্য যে, ধলাইৰ বিধায়ক তথা ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গাড়ী চালক আছিল কাজল দত্ত নামৰ যুৱকজন । চাৰি বছৰ পূৰ্বে শুক্লবৈদ্যৰ বাসগৃহৰ পৰা নিখোজ হৈছিল কাজল দত্ত । এই সন্দৰ্ভত কাজলৰ মাতৃয়ে পুত্ৰৰ সন্ধান বিচাৰি আৰক্ষীৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল ৷ কিন্তু আজি চাৰি বছৰ অতিক্রম হোৱাৰ পাচতো কাজল দত্তৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ ইয়াকে লৈ মুখ্যমন্ত্ৰীৰ কনভয়ৰ সম্মুখত এনেদৰে বিক্ষোভ প্ৰদৰ্শন কৰে ধলাইৰ ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়ক:অখিল গগৈৰ শাস্তিৰ আঁৰত বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আছে : ৰকিবুল হুছেইন