কাছাৰ, 30 ছেপ্তেম্বৰঃ কাছাৰ জিলাৰ ভাঙ্গাৰপাৰ বজাৰত মঙলবাৰে নিশা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডটোত বজাৰখনৰ প্ৰায় চাৰিখনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহনীক খবৰ দিয়ে যদিও প্ৰায় দুঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ লোক ৷

ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰে ৰাইজ ৷ উত্তেজিত ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ ওপৰত শিলগুটি নিক্ষেপ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ৷ শিলচৰ-কালাইন পথৰ অৱস্থা বেয়া হোৱা বাবে বাহনকেইখন ঘটনাস্থলীত উপস্থিত হোৱাত পলম হয় বুলি জনায় অগ্নি নিৰ্বাপকবাহিনীৰ লোকে ৷
লগতে পঢ়ক-বানৰ প্ৰৱল সোঁতত উটি গ’ল বাইকসহ যুৱক