কাছাৰ,13জানুৱাৰী : উত্তৰ-পূর্বত গাল্ফ এপ্রুভোড মেডিকেল চেন্টাৰ (গামকা) আৰম্ভ কৰাৰ দাবীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দৃষ্টি আকর্ষণ কৰিলে পিচ্ ইণ্ডিয়া সামাজিক সংগঠনৰ কর্মকর্তা সকলে । সোমবাৰে শিলচৰৰ আৱর্ত ভৱনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰে পিচ্ ইণ্ডিয়া সামাজিক সংগঠনৰ কর্মকর্তা সকলে ।
উল্লেখ্য যে, উত্তৰ-পূর্বত গামকা চেন্টাৰ নথকাৰ বাবে বহিঃদেশত কর্মসংস্থান পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বহু যুৱক-যুৱতী ৷ উত্তৰ-পূর্বত চেন্টাৰ নথকাৰ বাবে বহিঃৰাজ্যত গৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে যুৱক-যুৱতী সকলে ৷ যাৰ বাবে সমস্যাত আগ্ৰহ থাকিও বঞ্চিত হ'বলগীয়া হৈছে যুৱক-যুৱতীসকল ৷
এই উদ্দেশ্যৰে সংগঠনটোৰ কর্মকর্তা সকলে গামকা চেন্টাৰ সন্দৰ্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে এখন আলোচনাত মিলিত হয় ৷ মুখ্যমন্ত্রীৰ সৈতে এই আলোচনাত উপস্থিত থাকে সংগঠনটোৰ সভাপতি ৰকিবুল হাচান চৌধুৰী, সাধাৰণ সম্পাদক দেবাংশু চৌধুৰী, ৰাজেন নাগ আৰু ৰাকিব আলী ।
অন্য এক খবৰৰ বাবে: বকোত অসম জাতীয় পৰিষদৰ বিশাল সভা