ETV Bharat / state

পৰিত্যক্ত অৱস্থাত বিশুদ্ধ খোৱা পানী যোগান আঁচনি - দক্ষিণ শালমাৰা মানকাচৰ জিলা

10 বছৰে সম্পূৰ্ণ হৈ নুঠিল কানাইমাৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি ৷ ইয়াৰ ফলত আয়ৰণযুক্ত পানী সেৱন কৰি নানা ৰোগত ভূগিছে অঞ্চলবাসী ৷

পৰিত্যক্ত অৱস্থাত আঁচনি
10 বছৰে সম্পূৰ্ণ হৈ নুঠিল খোৱা পানী যোগান আঁচনি
author img

By

Published : Jan 18, 2020, 3:06 AM IST

ধুবুৰী, 18 জানুৱাৰী : দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগৰ কানাইমাৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি আজিপৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ৷ প্ৰায় ১০ বছৰ পূৰ্বে আৰম্ভ কৰা আঁচনিৰ পৰা আজিলৈকে এটোপাল পানী যোগান দিব পৰা নাই ৰাজ্য চৰকাৰৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে । বৰ্তমান গছ-গছনিৰে আৱৰি ধৰাৰ লগতে পোক-পতংগৰ বাসস্থানত পৰিণত হৈছে উক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন ।

10 বছৰে সম্পূৰ্ণ হৈ নুঠিল খোৱা পানী যোগান আঁচনি

ইপিনে এইখন আঁচনি নিৰ্মাণৰ সময়ত মাটিৰ গৰাকীক এটা চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি মাটিখিনি লোৱা হৈছিল ৷ কিন্তু মাটিৰ গৰাকীয়ে আজিলৈকে নাপালে কোনো চৰকাৰী চাকৰি । আজিলৈকে কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে মাটিৰ গৰাকীজন । অনতিপলমে এটা চাকৰি দিয়াৰ লগতে বিশুদ্ধ খোৱা পানী যোগান দিবলৈ চৰকাৰক দাবী জনাইছে মাটিৰ গৰাকী তথা কানাইমাৰা গাওঁ পঞ্চায়তৰ সভাপতি ছফিয়ৰ ৰহমানে ।

উল্লেখযোগ্য যে, বিশুদ্ধ পানীৰ অভাৱত আয়ৰণযুক্ত পানী সেৱন কৰি নানা ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে কানাইমাৰা গাঁওবাসী ।

আৰু পঢ়ক : মন্ত্ৰীসভাত স্থান লাভৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ সঞ্জয় কিষাণৰ

Intro:চাকৰিৰ প্ৰলোভন দি নিৰ্মাণ কৰা এখন বিশুদ্ধ খোৱা পানী যোগান আঁচনি। বিগত দহ বছৰে কাৰ্য্যক্ষম হৈ নুঠিল আচঁনিখন। দহ বছৰ এটোপাল পানী যোগান দিব পৰা নাই হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে।
Body: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগত কানাইমাৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি। এইখন আঁচনি আজি প্ৰায় ১০ বছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল যদিও আজিলৈকে এটোপাল পানী যোগান দিব পৰা নাই ৰাজ্য চৰকাৰৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে। বৰ্তমান ভূত-বাংলা তথা পোক-পতংগৰ বাসস্থানত পৰিণত হৈছে উক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন।
ইপিনে এইখন আঁচনি নিৰ্মাণৰ সময়ত মাটিৰ গৰাকীক এটা চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি মাটি খিনি লোৱা হৈছিল যদিও মাটিৰ গৰাকীয়ে আজিলৈ নাপালে চৰকাৰী চাকৰি। আজিলৈকে কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে মাটিৰ গৰাকীজন। অনতিপলমে এটা চাকৰি দিয়াৰ লগতে আঁচনি খনত বিশুদ্ধ খোৱা পানী যোগান দিবলৈ চৰকাৰক দাবী জনায় মাটিৰ গৰাকী তথা কানাইমাৰা গাওঁ পঞ্চায়তৰ সভাপতি ছফিয়ৰ ৰহমানে।

Byte:- ছফিয়ৰ ৰহমান, মাটিৰ গৰাকী।Conclusion:উল্লেখযোগ্য যে, বিশুদ্ধ পানীৰ অভাৱত অঞ্চলবাসী ৰাইজে আয়ৰণ যুক্ত পানী সেৱন কৰি নানা ৰোগত আক্ৰান্ত হ'ব লগীয়া হৈছে কানাইমাৰা গাঁওবাসী।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.