ETV Bharat / state

শিলচৰত সম্পন্ন অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তন

ডিগ্ৰী আৰু ডিপ্লমা শিক্ষাৰ্থী সকলৰ কৰ্ম দক্ষতা বৃদ্ধি কৰাৰ বাবেহে ৷ দেশৰ উন্নয়নৰ বাবে দক্ষ ব্যক্তিৰ প্ৰয়োজন । শুকুৰবাৰে শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

18th-convocation-of-assam-university
শিলচৰত সম্পন্ন অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তন
author img

By

Published : Dec 26, 2020, 8:32 AM IST

Updated : Dec 26, 2020, 9:09 AM IST

শিলচৰ,26 ডিচেম্বৰঃ জ্ঞান অৰ্জনেই হৈছে ক্ষমতা ৷ প্ৰকৃত শিক্ষাৰ মাজেৰে ক্ষমতা অৰ্জন কৰা সম্ভৱ ৷ শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে সামাজিক যোগ্যতা আহৰণ কৰা ৷ ডিগ্ৰী আৰু ডিপ্লমা শিক্ষাৰ্থী সকলৰ কৰ্ম দক্ষতা বৃদ্ধি কৰাৰ বাবেহে ৷ দেশৰ উন্নয়নৰ বাবে দক্ষ ব্যক্তিৰ প্ৰয়োজন । শুকুৰবাৰে শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

শিলচৰত সম্পন্ন অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তন

তদুপৰি জনসংখ্যাৰ দিশত ভাৰতবৰ্ষ এখন বৃহৎ দেশ বুলি উল্লেখ কৰি গাডকাৰীয়ে কয় যে,ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী লাভ কৰাৰ পিছত দেশ বা ৰাজ্যৰ বাবে কাম কৰিব লাগিব ৷কৃষি,স্বাস্থ্য,কম্পিউটাৰ বিজ্ঞান,কাৰিকৰী দিশত অৰিহণা যোগোব লাগিব আৰু চাকৰি বিচাৰিবলৈ নহয়,দিয়াৰ বাবেহে নিজক তৈয়াৰ কৰিব লাগিব বুলিও কয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ উল্লেখযোগ্য যে,এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে,18সংখ্যক অভিৱৰ্তনত বিশ্ববিদ্যালয়খনৰ ৬৬০৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী আৰু ডিপ্ল'মাৰ সন্মান লাভ কৰে ৷

লগতে পঢ়কঃ নলবাৰীত উন্মোচন পঞ্চ সাহিত্য কাণ্ডাৰীৰ আৱক্ষ মূৰ্তি

Last Updated : Dec 26, 2020, 9:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.