ETV Bharat / state

মাণিকপুৰত অসম-মিজোৰাম সীমান্তৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি - মিজো দুৰ্বৃত্তৰ গুলীত নিহত অসম আৰক্ষীৰ ছয় জনকৈ জোৱান

মাণিকপুৰৰ শ্বহীদ বাকৰিত মিজোৰামত শ্বহীদ হোৱা জোৱানসকলৰ আত্মাৰ সদগতিৰ বাবে বন্তি প্ৰজ্বলনৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেইবাটাও সংগঠনে । মুখ্যমন্ত্ৰীক দিল্লীৰ ওচৰত আঁঠু লোৱাৰ পৰা বিৰত থকাৰ আহ্বান সংগঠনসমূহৰ ।

manikpur
মাণিকপুৰত অসম মিজোৰাম সীমান্তৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি
author img

By

Published : Jul 30, 2021, 5:37 PM IST

বঙাইগাঁও, ৩০ জুলাই: অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত (Lailapur) শ্বহীদ হোৱা অসম আৰক্ষীৰ ৬ জোৱান আৰু ঘটনাত নিহত এগৰাকী সাধাৰণ নাগৰিকৰ আত্মাৰ সদগতিৰ বাবে ৰাজ্যৰ চাৰিওফালে ৰাইজৰ প্ৰাৰ্থনা অব্যাহত আছে । বঙাইগাঁও জিলাতো বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে । বঙাইগাওঁ জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মানিকপুৰ শ্বহীদ বাকৰিত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ (All Assam Garia Maria Desi Jatiya Parishad) মাণিকপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসমৰ (Veer Lachit Sena Assam) মাণিকপুৰ আঞ্চলিক সমিতিৰ সহযোগত বৃহস্পতিবাৰে সন্ধিয়া মিজো দুৰ্বৃত্তৰ গুলীত নিহত অসম আৰক্ষীৰ ছয় জনকৈ জোৱান আৰু এজন সাধাৰণ লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

manikpur
মাণিকপুৰত অসম মিজোৰাম সীমান্তৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি

মাতৃভূমিৰ সুৰক্ষাৰ স্বাৰ্থত শ্বহীদ হোৱা আৰক্ষী জোৱানসকল আৰু সাধাৰণ নাগৰিকজনৰ আত্মাৰ সদগতিৰ কামনা কৰি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে এক মিনিট সময় মৌনতা অৱলম্বন কৰে উপস্থিত লোকসকলে । উক্ত অনুষ্ঠানত তিনিওটা সংগঠনৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলৰ উপৰিও আছুৰ বঙাইগাঁও জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছফিয়ৰ আলী উপস্থিত হৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰা দেখা যায় । তেওঁ কয় যে, অসম সন্তান মুখ্যমন্ত্ৰীয়ে অসমৰ কথা আগত চিন্তা কৰক । দিল্লীৰ ওচৰত আঁঠু লোৱাৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক(Himanta Biswa Sarma) আহ্বান জনাই আছু নেতাগৰাকীয়ে । মিজো দুৰ্বৃত্তৰ গুলীৰ প্ৰতিশোধ গুলীৰে দিয়াৰ বাবেও আহ্বান জনায় নেতাগৰাকীয়ে ।

বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলাৰ মুখ্য আহ্বায়ক জাবিদ খাণ্ডৱৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলাৰ উপ সভাপতি ছফিকুৰ ৰহমান তথা আঞ্চলিক সমিতিৰ আন আন সদস্য সকলেও শ্বহীদৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা জনাই আৰু শোক শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । লগতে আহত সকলৰো আশু আৰোগ্য কামনা কৰে । উল্লেখ্য যে, লাইলাপুৰৰ ঘটনাকলৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল সংগঠনসমূহেও প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ৰঙিয়াত শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.