বঙাইগাঁও, 1 এপ্ৰিলঃ বহিঃৰাজ্যৰ পৰা গোপনে আহি বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ কেবাখনো গ্ৰামাঞ্চলত প্ৰৱেশ কৰিছে বহিঃৰাজ্যৰ বহু লোক ৷ ইতিমধ্যে উত্তৰ শালমাৰাৰ বিভিন্ন গাঁৱত ৰাইজে কৰায়ত্ত কৰিছে ২৫ জনকৈ অচিনাক্ত লোকক। অভয়াপুৰীত ৰাইজে কৰায়ত্ত কৰে ১০ জন লোকক ৷ যোগীঘোপাৰ পাচনীয়াত ৰাইজে ট্ৰাকসহ আৱদ্ধ কৰে প্ৰায় ৫০ জন বহিঃৰাজ্যত কৰ্মৰত লোকক। এই পৰিস্থিতি এতিয়া সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ ঘটনাস্থলীত ইতিমধ্যে স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈছে ৷
লগতে পঢ়কঃ খাদ্য সংকটে দেখা দিছে নৱগ্ৰহৰ মন্দিৰৰ বান্দৰসমূহৰ মাজত
আনহাতে ইতিমধ্যে প্ৰৱেশ কৰি অন্য কেবাজনো লোক গাঁৱৰ ভিতৰত আত্মগোপ কৰি থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাৰ পিচতে এইদৰে সজাগ হৈছে গঞা । বহিঃৰাজ্যৰ পৰা অহা লোক সকলৰ প্ৰতি কঠোৰ ভাৱে নজৰ ৰাখিছে গাওঁবাসীয়ে।