ETV Bharat / state

শুৰ পোকে বিধস্ত কৰিছে যোগীঘোপাৰ শ শ বিঘা কৃষিভূমি

author img

By

Published : Oct 5, 2020, 2:19 PM IST

শুৰ পোকৰ সন্ত্ৰাসত ধ্বংস হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ প্ৰায় 100 বিঘা কৃষিভূমি ৷ ইয়াকে লৈ এতিয়া মূৰে কপালে হাত দিছে জিলাখনৰ বৃহত্তৰ যোগীঘোপা অঞ্চলৰ ঔডুবী, বোৱালীমাৰী গাঁৱৰ কৃষক ৰাইজে ।

insect destroys 100 acres of paddy field at Jogighopa
শুৰ পোকে বিধস্ত কৰিছে যোগীঘোপাৰ শ শ বিঘা কৃষিভূমি

বঙাইগাঁও, 5 অক্টোবৰঃ লকডাউন আৰু বানে কৃষকসকলৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনাৰ সময়তেই বঙাইগাঁও জিলাৰ যোগীঘোপাত কৃষকৰ ওপৰত পৰিছে আন এক মাধমাৰ ৷ শুৰ পোকৰ সন্ত্ৰাসত ধ্বংস হৈছে অঞ্চলটোৰ প্ৰায় 100 বিঘা কৃষিভূমি ৷ ইয়াকে লৈ এতিয়া মূৰে কপালে হাত দিছে জিলাখনৰ বৃহত্তৰ যোগীঘোপা অঞ্চলৰ ঔডুবী, বোৱালীমাৰী গাঁৱৰ কৃষক ৰাইজে ।

শুৰ নামৰ এই পোকবিধে এফালৰ পৰা পথাৰৰ সজাল ধৰিবলৈ লোৱা শালিধান খাই সংহাৰী ৰূপ ধাৰণ কৰাত কৃষক সকলে এতিয়া বিবুধিত পৰিছে ৷ আনহাতে, এই ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ এই বিপৰ্যায়ৰ সময়ত ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ভূক্তভোগী কৃষকে ৷ অন্যথা আত্মহত্যাই কৃষকৰ এক মাত্ৰ পথ আছে বুলিও ভূক্তভোগী কৃষকসকলে জনাইছে ।

লগতে পঢ়ক-অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.