ETV Bharat / state

বিশ্বনাথত বিশ্ব জলাতংক দিৱস পালন - Rabies is viral disease

বিশ্বৰ জলাতংক ৰোগীৰ (Rabies disease in India) ৩৬ শতাংশ লোক ভাৰততেই আছে । আশ্চৰ্যজনকভাৱে দেশত ১৫ বছৰৰ তলৰ শিশুসকল জলাতংক ৰোগত আটাইতকৈ বেছি আক্ৰান্ত হয় । এই ৰোগ বেছি হোৱাৰ মূলতে হৈছে মানুহৰ মাজত সজাগতাৰ অভাৱ ।

Rabies disease in India
বিশ্বনাথত বিশ্ব জলাতংক দিৱস পালন
author img

By

Published : Sep 29, 2022, 9:30 PM IST

বিশ্বনাথ, ২৯ ছেপ্টেম্বৰ: বিশ্বনাথ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ, বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত বুধবাৰে 'বিশ্ব জলাতংক '(World Rabies Day observed at Vishwanath ) দিৱস লেহুগাঁওস্থিত আঞ্চলিক কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰত পালন কৰা হয় । বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই বৃক্ষ ৰোপণ কৰি আৰম্ভ কৰা উক্ত অনুষ্ঠানত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্রতিজন পশু চিকিৎসাৰ লগত জড়িত কৰ্মীক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হয় । লগতে পশুচিকিৎসা বিভাগৰ পৰা ডেৰ শতাধিক কুকুৰ আৰু মেকুৰীক জলাতংক প্রতিৰোধী চিতা প্ৰদান কৰা হয় ।

দিনজোৰা কাৰ্যসূচীৰে পালন কৰা অনুষ্ঠানটিত উপায়ুক্তৰ উপৰি পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰ হাজৰিকা, স্বাস্থ্য বিভাগৰ জিলা চাৰ্ভিলেন্স বিষয়া ডাঃ এলিজা ডেকা, আঞ্চলিক কৃত্ৰিম গো প্ৰজনন বিষয়া ডাঃ সৌৰভ বৰগোঁহাই, পশুচিকিৎসা বিষয়াদ্বয় মহেন্দ্ৰ ভৰালী আৰু দিগন্ত শৰ্মা, সহকাৰী আয়ুক্ত কংকনা শইকীয়া আৰু আয়োজক কমিটীৰ হৈ লেহুগাঁও পশু চিকিৎসালয়ৰ পশুচিকিৎসা বিষয়া ডাঃ পাৰ্থ প্ৰতিম বৰা উপস্থিত থাকে ।

ভৰতত প্ৰতি বছৰে প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হয় জলাতংক ৰোগত । জলাতংক হৈছে এক ভাইৰাছজনিত ৰোগ (Rabies is viral disease)। এই ৰোগ কুকুৰ, মেকুৰী, বান্দৰকে ধৰি বহু জীৱ-জন্তুৰ কামোৰৰ জৰিয়তে বিয়পি পৰে । বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO)তথ্য অনুসৰি, এছিয়া আৰু আফ্ৰিকাত এই ৰোগৰ আশংকা বেছি । ভাৰতত জলাতংক ৰোগত আক্ৰান্ত বেছিকৈ হোৱা দেখা যায় ।

উল্লেখ্য় যে, বিশ্বৰ জলাতংক ৰোগীৰ ৩৬ শতাংশ লোক ভাৰততেই আছে । আশ্চৰ্যজনকভাৱে দেশত ১৫ বছৰৰ তলৰ শিশুসকল জলাতংক ৰোগত আটাইতকৈ বেছি আক্ৰান্ত হয় । এই ৰোগ বেছি হোৱাৰ মূলতে হৈছে মানুহৰ মাজত সজাগতাৰ অভাৱ । এই কাৰণেই জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰতি বছৰে ২৮ ছেপ্টেম্বৰত বিশ্ব জলাতংক দিৱস উদযাপন কৰা হয় ।

লগতে পঢ়ক: ৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ বৈশিষ্ট্য নাই : আক্ৰাছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.