ETV Bharat / state

Protest against liquor outlets in Bedati: বেদেতীত সুৰা বিপণীৰ বিৰুদ্ধে ৰাজহুৱা সভা

author img

By

Published : Jul 27, 2022, 1:59 PM IST

ৰাজ্য়জুৰি সুৰা বিপণী স্থাপনৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হৈ আছে । ইয়াৰ মাজতে বিহালীৰ বেদেতীত সুৰা বিপণী স্থাপনৰ বিৰোধিতাৰে মঙলবাৰে দ্বিতীয়খন ৰাজহুৱা সভা অনুষ্ঠিত হয়(Public meeting against liquor in Bedati)।

Protest against liquor outlets in Bedati
বেদেতীত সুৰা বিপণীৰ বিৰুদ্ধে ৰাজহুৱা সভা

বিহালী, ২৭জুলাই: বিহালীৰ বেদেতীত সুৰা বিপণী স্থাপনৰ বিৰোধিতাৰে মঙলবাৰে দ্বিতীয়খন ৰাজহুৱা সভা অনুষ্ঠিত হয়(Public meeting against liquor in Bedati)।বেদেতীৰ ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান উদ্দীপ্ত চ'ৰাৰ আহ্বান মৰ্মে বেদেতীৰ অমিয় ভৱনত এইসভা অনুষ্ঠিত হয় । উক্ত সভাখনৰ আঁ‌ত ধৰে চ'ৰাৰ প্ৰাক্তন সভাপতি দীপক শৰ্মাই । বেদেতীত ডেকা উপাধিৰ এগৰাকী মহিলাই স্থাপন কৰিব খোজা এখন সুৰা বিপণীৰ বিৰুদ্ধে সভাখন অনুষ্ঠিত হয় । উক্ত সভাত বক্তব্য আগবঢ়ায় সমাজকৰ্মী ধৰণি দুৱৰাই ।

তদুপৰি সভাখনত বিহালী আঞ্চলিক গোৰ্খা ছাত্ৰ হন্থাৰ সভাপতি তপন গৌতম, শিল্পী পেন্সনাৰ বিনুদ খনাল, মহিলা সমিতিৰ হৈ নাচবৰ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাক্তন সভানেত্ৰী তৰুলতা শৰ্মা, বৰালীমৰা গাঁও উন্নয়ন সমিতিৰ সভাপতি সুৰেন বৰা, পুলু বৰুৱা আদিয়ে এই সুৰা বিপণী স্থাপনৰ বিৰোধিতা কৰি ভাষণ আগবঢ়ায় ।

ইয়াৰ পিছতে বিশ্বনাথ প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়া আৰু বিশ্বনাথ আবকাৰীৰ উপ অধিক্ষক দ্বীপেন বৰা আৰু দুগৰাকী মণ্ডল উপস্থিত হৈ কাষতে থকা শিক্ষানুষ্ঠান, পুজা মন্দপ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিপণী স্থাপনৰ ঠাইৰ জোখ-মাখ কৰে । ৰাইজে চৰকাৰক সুৰাৰ বিপণীৰ অনুমতি প্ৰদানৰ পৰিৱৰ্তে বিভিন্ন কল-কাৰখানাৰ অনুমতি পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায় । উক্ত অঞ্চলটোৰ বহু নৱ-প্ৰজন্মক অবাটে যোৱা আৰু বিভিন্ন অসামাজিক কাৰ্য-কলাপ সংঘটিত হোৱাত স্থানীয় ৰাইজ তথা মহিলাই সুৰা বিপণিখনৰ তীব্ৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক:Drugs peddler arrested: জিএমচিৰ আৱৰ্জনা কঢ়িওৱা ট্ৰাক চালকৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.