ETV Bharat / state

বিশ্বনাথত পিতৃৰ ফটো হাতত লৈ অপেক্ষাত কণমানি শিশু - বিশ্বনাথ

বহিঃৰাজ্যত জীৱন মৃত্যুৰে যুঁজি আছে চতিয়াৰ এজন যুৱক । পিতৃৰ ফটো হাতত লৈ অপেক্ষাত কণমানি পুত্ৰ ৷ এতিয়া পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে ঘৰৰ পৰিয়ালৰ ।

ETV BHARAT
বিশ্বনাথত পিতৃৰ ফটো হাতত লৈ অপেক্ষাত কণমানি শিশু
author img

By

Published : Jun 2, 2020, 10:58 PM IST

বিশ্বনাথ, 2 জুনঃ বিশ্বনাথত চতিয়াৰ ৪নং ভোজমাৰীৰ এটা পৰিয়ালৰ হাহাকাৰ অৱস্থা ৷ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ জটিল ৰোগত আক্ৰান্ত পুত্ৰ ৷ ধনৰ অভাৱত এতিয়া বিচনাতে বাগৰি আছে লোকজন ৷

বিশ্বনাথত পিতৃৰ ফটো হাতত লৈ অপেক্ষাত কণমানি শিশু

উল্লেখ্য যে,বিশ্বনাথ চতিয়াৰ ৪ নং ভোজমাৰী লীলবাহাদুৰ দৰ্জীৰ একমাত্ৰ সন্তান জয়বাহাদুৰ দৰ্জী নামৰ লোকজনে চেন্নাই লৈ কাম কৰিবলৈ গৈছিল । কিন্তু লক ডাউনৰ বাবে বহিঃৰাজ্যতে আবদ্ধ হৈ থাকিব লগীয়া হয় জয়বাহাদুৰ ৷ আনফালে,চেন্নাইতে জয়বাহাদুৰ আক্ৰান্ত হয় কঁকালৰ বিষত ৷ বিগত ৮ দিন ধৰি এইদৰে ককালৰ বিষত আক্ৰান্ত হোৱাত এতিয়া বিচনাতে চটফটাই আছে বাহাদুৰে । অতি দুখৰ বিষয় যে,অতি দৰিদ্ৰ পৰিয়ালটো পিতৃ-মাতৃ পত্নীয়ে নিকটৱৰ্তী ৰাইজৰ পৰা অকণমান অৰ্থ সংগ্ৰহ কৰি প্ৰেৰণ কৰিছিল যদিও সেই ধনৰে কোনো চিকিৎসা কৰিব নোৱাৰিলে বাহাদুৰে । চিকিৎসকে কোৱা মতে এই ৰোগৰ চিকিৎসা কৰাবলৈ প্ৰায় ১ৰ পৰা ২ লাখ টকা খৰচ হ'ব বুলি কোৱাত এতিয়া ঘৰৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে । পুত্ৰৰ এনে যন্ত্ৰণা দেখি মাতৃ পত্নী তথা আত্মীয়ই এতিয়া ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে ৷ যি কোনো প্ৰকাৰে জয়বাহাদুৰক নিজ ঘৰলৈ ওভতাই আনি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ ৷ আনহাতে,যদি কোনো সদাশয় লোকে জয় বাহাদুৰক সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা কৰে তেতিয়া হ'লে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ চতিয়া শাখাৰ 33404384461 নম্বৰ IFC CODE SBIN0012972 নম্বৰত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে দৰিদ্ৰ পৰিয়ালটোৱে।

লগতে পঢ়ক- প্ৰমাণিত হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.