ETV Bharat / state

আত্মনিৰ্ভৰ অসমৰ কথাৰে বিশ্বনাথত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস - minister ranjit das in biswanath

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগীয় কাম কাজৰ পৰ্য্যালোচনাৰ বাবে শুকুৰবাৰে জিলাখনত উপস্থিত হয় ৷ মন্ত্ৰী দাসে বিশ্বনাথ জিলাৰ বিভিন্ন আত্ম সহায়ক গোটৰ সদস্যা সকলৰ আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

minister ranjit das in biswanath with  Atma nirbhar Assam slogan
আত্মনিৰ্ভৰ অসমৰ কথাৰে বিশ্বনাথত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
author img

By

Published : Dec 3, 2021, 10:56 PM IST

বিশ্বনাথ, ৩ ডিচেম্বৰ: শুকুৰবাৰে অসমৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় কাম-কাজৰ এটি পৰ্য্যালোচনা বৈঠকৰ সভাপত্বিত কৰে । এই সভাত তেখেতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ(Public health engineering department) বিষয়বৱীয়া সকলৰ লগত আলোচনাত মিলিত হয় আৰু কাম-কাজৰ পৰ্য্যালোচনা কৰে ।

আত্মনিৰ্ভৰ অসমৰ কথাৰে বিশ্বনাথত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

দাসে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিমাৰ্ণৰ কাম আৰু খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনা(Pradhan mantri awash yojna)ৰ আচঁনি লাভৰ পৰা কোনো বৈধ হিতাধিকাৰী যেন বাদ নপৰে তাকেই সু-নিশ্চিত কৰিবলৈ মন্ত্ৰী গৰাকীয়ে কয় । গ্ৰাম্য অৰ্থনীতি আৰু তনকীয়াল কৰাৰ উদ্দেশ্যে মন্ত্ৰী গৰাকীয়ে বিভাগটোক ‘স্ব-নিৰ্ভৰ নাৰী(Swa nirbhar nari)’ আৰু ‘আত্মনিৰ্ভৰ অসম(Atma nirbhar Assam)’ আচঁনি দুখনৰ সুৰূপায়ণৰ বাবে আৰু আবেদনকাৰী খোজ কৰিবলৈ আহ্বান জনায় ।

বৰ্তমানে বিশ্বনাথ জিলাত প্ৰায় (৩০) ত্ৰিশ হাজাৰ আবেদনকাৰীয়ে এই আচঁনি দুখনৰ সুবিধাসমূহ লাভ কৰিবলৈ আবেদন কৰিছে । মন্ত্ৰী দাসে কয় যে, জিলা খনৰ আত্ম সহায়ক গোটৰ সদস্যা সকলৰ মাহিলী উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে বিভাগটোৱে গোটসমূহক গো-পালন, কাঠফুলা খেতি আৰু ষ্ট্ৰবেৰী খেতি কৰিবলৈ উৎসাহিত কৰিব লাগে । লগতে, মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত গৰাকীক বিশ্বনাথ জিলাত উৎপাদিত কাঠফুলাৰ “ব্ৰেন্দিং“ৰ সন্দৰ্ভত প্ৰয়োজনীয় উদ্যোগ লবলৈ আহ্বান জনায় ।

তেখেতে কয় যে, বিশ্বনাথত উৎপাদিত কাঠফুলাৰ “ব্ৰেন্দিং“ হ’লে ৰাজ্যখনত ইয়াৰ চাহিদা আৰু বহু গুণে বৃদ্ধি পাব । বিভাগটোৰ বিভিন্ন কল্যাণকামী পদক্ষেপ সমূহে প্ৰত্যেক জন আত্মসহায়ক গোটৰ সদস্যাৰ আগন্তুক দিনবোৰত উপাৰ্জন বৃদ্ধি কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত-পোষন কৰে । এই সভাত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ ।

লগতে পঢ়ক : Death of kola lora : কংগ্ৰেছে আৰক্ষীক লৈ কৰা মন্তব্যত লাজ পাইছে ৰূপজ্যোতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.