ETV Bharat / state

Lat Maldal arrested: উৎকোচ লৈ জালত পৰিল বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱা - লাট মণ্ডল লগন বাছোৱা

উৎকোচ লৈ পুনৰ জালত পৰিল লাট মণ্ডল ৷ বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱাক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ ৷ এগৰাকী ব্যক্তিৰ পৰা মাটিৰ নামজাৰি কৰি দিয়াৰ বাবদ উৎকোচ লৈছিল লাট মণ্ডল লগন বাছোৱাই (Lat Mandal arrested for taking bribe) ৷

Lat Maldal arrested
উৎকোচ লৈ জালত পৰিল বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱা
author img

By

Published : Mar 22, 2023, 5:36 PM IST

উৎকোচ লৈ জালত পৰিল বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱা

বিশ্বনাথ, 22 মাৰ্চ: চৰকাৰী ধনেৰেও খঁক নপলায় একাংশ বিষয়া-কৰ্মচাৰীৰ ৷ দুৰ্নীতিৰগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো গা নলৰে একাংশৰ ৷ এইবাৰ পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল ৷ বুধবাৰে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱাক গ্ৰেপ্তাৰ ৷ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে লাট মণ্ডল লগন বাছোৱাক (Lat Mandal arrested in Biswanath) ৷

উল্লেখ্য যে, বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনৰ লাওদলনিৰ লাট মণ্ডল লগন বাছোৱাই বিহালী সমষ্টিৰ নিজ বাঘমাৰীৰ ফুল মহস্মদ নামৰ ব্যক্তি জনৰ মাটিৰ নামজাৰি কৰি দিয়া বাবদ 7 হাজাৰ টকা দাবী কৰিছিল ৷ প্ৰথম অৱস্থাত ফুল মহস্মদে লাট মণ্ডল লগন বাছোৱাক 4 হাজাৰ টকা আদায় দিয়ে ৷ আনহাতে দ্বিতীয় কিস্তি হিচাবে 3 হাজাৰ টকা দিবলৈ বাকী আছিল ফুল মহম্মদে ৷

কিন্তু সেই তিনিহাজাৰ টকা আদায় দিয়াৰ পৰিৱৰ্তে দুৰ্তিনী নিবাৰক শাখাৰ কাষ চাপিল ফুল মহম্মদ ৷ ফুল মহম্মদৰ অভিযোগৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত বুধবাৰে চলাই অভিযান ৷ অভিযানৰ সময়তে বাকী থকা 3 হাজাৰ টকা ফুল মহম্মদৰ পৰা আদায় লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল লগন বাছোৱা (Lat Mandal arrested for accepting bribe) ৷

উল্লেখ্য যে, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ঘোচখোৰ লাট মণ্ডল জনৰ লগতে আন বহু কেইজন লাট মণ্ডলে একাংশ দৰিদ্ৰ লোকক মাটিৰ নামজাৰি, মাটিৰ পট্টা দিয়াৰ নামত ধন দাবী কৰি আহিছে বুলিও উত্থাপন হৈছে অভিযোগ ৷ আনহাতে, বুধবাৰে জালত পৰিল লগন বাছোৱা ৷

মন কৰিব লগীয়া যে, এনে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল তথা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বাৰে বাৰে উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়নি দি আহিলেও একাংশই কেৰেপেই নকৰে ৷ যাৰ বাবে দৈনিক জালত পৰিছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী ৷

লগতে পঢ়ক: Important meeting of BJP allies: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিশা বিজেপি মিত্রজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.