বিশ্বনাথ, 25 জুন: বিশ্বনাথ জিলাৰ গহপুৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ৰাইজৰ বাবে আছে এটা সু-খবৰ ৷ দেশৰ অগ্ৰণী ট্ৰাষ্ট সমূহৰ ভিতৰত এটা অগ্ৰনী ট্ৰাষ্ট হৈছে 'বাংগালুৰুৰ কৰ'ণা ট্ৰাষ্ট্ৰ’ ৷ এই কৰ'ণা ট্ৰাষ্ট কৰ্তৃপক্ষই চিকিৎসা সেৱা ক্ষেত্ৰত সুবিধা হোৱাকৈ সাজি উলিয়াইছে এখন অত্যাধুনিক নৌকা চিকিৎসালয় ৷ উক্ত নৌকা চিকিৎসালয়খনত বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী আৰু বিহপুৰীয়া সমষ্টিৰ সীমামূৰীয়া দুৰ্গম চৰ-চাপৰি অঞ্চলৰ ৰাইজে চিকিৎসা সেৱা লাভ কৰিব ৷
এখন চৰকাৰী চিকিৎসালয়ত থকাৰ দৰে নৌকা চিকিৎসালয় খনত সকলো সুবিধা উপলব্ধ হ'ব ৷ মুঠ ৩৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা চিকিৎসালয়খন ৫ মাহ ১০ দিনত মাজুলীৰ শালমৰাৰ ৮ জন লোকে নিৰ্মাণ কৰি উলিয়াইছে ৷ এই বিশেষ নৌকা চিকিৎসালয়খন গহপুৰৰ মেইল বজাৰ ঘাটত যোৱা 21 জুন তাৰিখে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই গহপুৰৰ মহকুমধিপাতি আদিত্য বিক্ৰম যাদৱ আৰু কৰণা ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ড৹ সুদৰ্শন দেৱৰ উপস্থিতিত শুভ উদ্ধোধন কৰে ৷
উক্ত নৌকা চিকিৎসালয়খন দীঘে ৮৫ ফুট আৰু বহলে ১৮ ফুট । চিকিৎসকৰ কোঠা, প্ৰসূতিৰ বিশেষ কক্ষ, অ পি টি, লেবাৰ কক্ষ, নাৰ্চৰ কক্ষ, লেবৰেটৰী কক্ষ, ফাৰ্মাচি কক্ষ, শীত তাপ নিয়ন্ত্ৰিত কক্ষ, কৰ্মচাৰী কক্ষ, দুটাকৈ শৌচাগাৰ আদি সকলো অত্যাধুনিক ব্যৱস্থাৰে ইঞ্জিনযুক্ত বিশেষ নৌকাখন নিৰ্মাণ কৰি উলিওৱা হৈছে । ট্ৰাষ্টৰ অন্য এখন চিকিৎসালয় 23 জুনত গহপুৰত উদ্বোধন কৰা হয় ৷
জানিব পৰা মতে, এই চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতিজন ৰোগীৰ বাবে বিশেষ ঔষধ, যিকোনো তেজ পৰীক্ষাকে আদি কৰি অন্যান্য পৰীক্ষা সমূহত চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ২০ শতাংশ ৰেহাই পাব । প্ৰতিষ্ঠানটোৰ তৰফৰ প্ৰকাশ কৰা অনুসৰি এই ভ্ৰাম্যমাণ নৌকা চিকিৎসালয়খনৰ পৰা বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ 42 খন নৈপৰীয়া গাওঁ আৰু গহপুৰ সমষ্টিৰ ৫৫ খন গাঁৱৰ লগতে বিহালী সমষ্টিৰ ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজ উপকৃত হ'ব ৷
লগতে পঢ়ক-কাকপথাৰত সমবায় এজেন্টৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ