ETV Bharat / state

আৰম্ভ হ'ল প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ

author img

By

Published : Aug 8, 2019, 9:52 PM IST

বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত ডাঃ সান্ত্বনা বৰদলৈ,লগতে সাংস্কৃতিক জগতৰ বহু ৰথী-মহাৰথী ৷

আৰম্ভ হ'ল প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ

বিশ্বনাথ, 8 আগষ্টঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ ৷ বিয়লি তিনি বজাত অনুষ্ঠিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে। লগতে উপস্থিত থাকে যশস্বী পৰিচালিকা ৰীমা বৰা,স্থিৰ আলোকচিত্ৰ শিল্পী নলিন বৰুৱা৷ বিশ্বনাথ চাৰিআলিৰ শতৰূপা কম্পপ্লেক্স পাভৈ টকীজত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো উপস্থিত থকাৰ সম্ভাৱনা। ইফালে অনুষ্ঠানত বহু কেইগৰাকী চিত্ৰ শিল্পীক সম্বৰ্দ্ধনা জনাই বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই ৷

আৰম্ভ হ'ল প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ

আনহাতে অনুষ্ঠানত উপস্থিত থাকে অভিনেতা জ্যোতি ভূঞা,যুৱ পৰিচালক অনুপম কৌশিক বৰা,গায়ক বিদ্যাসাগৰ আৰু ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উদ্বোধনী অনুষ্ঠানৰ পাছতেই বিয়লি ৪ বজাত মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হয় ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি “মাজ ৰাতিৰ কেতেকী”আৰু সন্ধ্যা সাত বজাত প্ৰদৰ্শন কৰা হয় অনুপম কৌশিক বৰাৰ জনপ্ৰিয় ছবি বৰনদী ভটিয়ায়। দৰ্শকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি কালিলৈ পুৱা ১০-৩০ বজাতো এই ছবিখনৰ পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সমাৰোহত শুকুৰবাৰে প্ৰদৰ্শিত হ'বলগীয়া আন আন ছবিসমূহ হ'ল- বিয়লি ১-১৫ বজাত জয়চেং জয় দহোটীয়াৰ হান্দুক,৪ বজাত ৰীমা বৰাৰ বকুল আৰু সন্ধ্যা সাত বজাত ভাস্কৰ হাজৰিকাৰ কথানদী। জিলাখনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে আয়োজিত এই অনুষ্ঠানত বিশ্বনাথ জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজকসকলে।

Intro:A_BISWANATH_ 8_aug_801_FILM FESTIVAL_ VIs_byte_scrpt_as10018
Body:A_BISWANATH_ 8_aug_801_FILM FESTIVAL_ VIs_byte_scrpt_as10018
Conclusion:A_BISWANATH_ 8_aug_801_FILM FESTIVAL_ VIs_byte_scrpt_as10018

আৰম্ভ প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ

ANCHOR :-

আজিৰে পৰা আৰম্ভ বিশ্বনাথ প্ৰথম চলচ্চিত্ৰ মহোৎসৱ ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত ডাঃ সান্ত্বনা বৰদলৈ, লগতে সাংস্কৃতিক জগতৰ বহু ৰথী-মহাৰথী ৷

V.O :- চলচ্চিত্ৰ জ্বৰত আক্ৰান্ত হৈ পৰিছে বিশ্বনাথ চাৰিআলি চহৰ।
অলিয়ে-গলিয়ে এতিয়া মাথোঁ চলচ্চিত্ৰ মহোৎসৱৰ চৰ্চা।

সেয়া স্বাভাৱিকেই, কিয়নো জিলাখনৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এনেধৰণৰ এক বৃহৎ চলচ্চিত্ৰ বিষয়ক কাৰ্যসূচী। আজিৰে বিয়লি তিনি বজাত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে।

লগতে উপস্থিত থাকে যশস্বী পৰিচালিকা ৰীমা বৰা স্থিৰ আলোকচিত্ৰ শিল্পী নলিন বৰুৱা বিশ্বনাথ চাৰিআলিৰ শতৰূপা কম্পপ্লেক্স পাভৈ টকীজত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো উপস্থিত থকা সম্ভাৱনা সন্ধ্যালৈ । অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ সু-পুত্ৰ অসমীয়া চলচিত্ৰৰ প্ৰযোজক তথা চিত্ৰনাট্যকাৰ প্ৰয়াত প্ৰমোদ বৰুৱাৰ পত্নী ৰুণু বৰুৱা,কলা-নিৰ্দেশক ৰূপসজ্জাকাৰ অভিনেতা প্ৰয়াত অসীম ব্ৰোথা সহধৰ্মিনী কল্পনা ব্ৰোথা লগতে জনপ্ৰিয় অভিনেতা পদ্ম কৈৰীৰ সহধৰ্মিনী লিলি কৈৰী ৷
ইফালে বহু কেইগৰাকী চিত্ৰ শিল্পীক সমবৰ্দ্ধনা জনায় বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই ৷

অনুস্থানত উপস্থিত থাকে অভিনেতা জ্যোতি ভূঞাঁ, যুৱ পৰিচালক অনুপম কৌশিক বৰা, সুগায়ক বিদ্যাসাগৰ আৰু ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উদ্বোধনী অনুষ্ঠানৰ পাছতেই বিয়লি ৪ বজাত মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হয় ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি “মাজ ৰাতি কেতেকী”। সন্ধ্যা সাত বজাত প্ৰদৰ্শন কৰা হয় অনুপম কৌশিক বৰাৰ জনপ্ৰিয় ছবি বৰনদী ভটিয়ায়। দৰ্শকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি কালিলৈ পুৱা ১০-৩০ বজাতো এই ছবিখনৰ পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সমাৰোহত শুকুৰবাৰে প্ৰদৰ্শিত হ'বলগীয়া আন আন ছবিসমূহ বিয়লি ১-১৫ বজাত জয়চেং জয় দহোটীয়াৰ হান্দুক, ৪ বজাত ৰীমা বৰাৰ বকুল আৰু সন্ধ্যা সাত বজাত ভাস্কৰ হাজৰিকাৰ কথানদী। মহোৎসৱৰ লগত সংগতি ৰাখি চিনেমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিদিনেই একোটাকৈ মাষ্টাৰ ক্লাছৰো আয়োজন কৰা হৈছে। ছৱি নিৰ্দেশনা, অভিনয়, চিত্ৰ-নাট্য ৰচনা আৰু চিত্ৰগ্ৰহণ – এই চাৰিটা বিষয়ত ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ আগবঢ়াবলগীয়া এই শ্ৰেণীসমূহ হ'ব সম্পূৰ্ণ বিনামূলীয়া। মহোসৱৰ লগত সংগতি ৰাখি স্থানীয় উদীয়মান ফটোগ্ৰাফাৰসকলৰ এক চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। অনুষ্ঠানত বিশ্বনাথ জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সহায়-সহযোগিতা আয়োজকসকলে আন্তৰিকতাৰে কামনা কৰিছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.