ETV Bharat / state

Internal Conflict in congress : নিৰ্বাচনত ধন লৈ দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ অভিযোগক লৈ উত্তাল বিশ্বনাথ জিলা কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 12:11 PM IST

বিশ্বনাথ জিলা কংগ্ৰেছত তুংগত উঠিছে অন্তঃকন্দল ৷ জিলা সভাপতিক উভতি ধৰিলে বিগত বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীয়ে । নিৰ্বাচনত ধন লৈ দলীয় প্ৰাৰ্থীত্ব প্ৰদান আৰু বিগত বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ সভাপতিৰ বিৰুদ্ধে ৷

Internal Conflict in congress
নিৰ্বাচনত ধন লৈ দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ অভিযোগ জিলা সভাপতিৰ বিৰুদ্ধে

বিশ্বনাথ, 30 অক্টোবৰ: বিশ্বনাথ জিলা কংগ্ৰেছত দেখা দিছে অন্তঃকন্দলে ৷ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকল । সভাপতি দিলীপ বৰুৱাই বিশ্বনাথ জিলা কংগ্ৰেছক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছে কৰ্মকৰ্তাসকলে । আনকি বিগত পঞ্চায়ত নিৰ্বাচনত ধন লৈ দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা আৰু বিগত বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰো অভিযোগ তুলিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ একাংশ কৰ্মী তথা প্ৰাৰ্থীয়ে ।

বিশ্বনাথত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে । ইফালে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ অনুগত চতিয়া ব্লক কংগ্ৰেছৰ সভাপতি হৃদয়জ্যোতি শ‌ইকীয়া আৰু বিশ্বনাথ যুৱ কংগ্ৰেছৰ সম্পাদক জাহাংগীৰ হুছেইনে এক সংবাদমেল অনুষ্ঠিত কৰি বিগত বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী অঞ্জন বৰাই জিলা কংগ্ৰেছৰ নেতৃত্বত 62 হাজাৰ ভোট লাভ কৰিছিল আৰু জিলা সভাপতি দিলীপ বৰুৱাই বিগত পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ কথা অস্বীকাৰ কৰাৰ পিছতে দেওবাৰে বিশ্বনাথ চাৰিআলিত পৃথকে পৃথকে সংবাদমেল অনুষ্ঠিত কৰি জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা তেওঁৰ পুত্ৰ সঞ্জু বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিগত বিশ্বনাথ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰা আৰু বিগত পঞ্চায়ত নিৰ্বাচনৰ একাংশ প্ৰাৰ্থী ।

অঞ্জন বৰাই সংবাদ মেল সম্বোধন কৰি কয় যে বিগত বিধানসভা নিৰ্বাচনত জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই কোনো সহায় কৰা নাছিল । বৰঞ্চ দলীয় প্ৰাৰ্থীৰ বিৰোধিতাহে কৰিছিল বুলি উল্লেখ কৰি অঞ্জন বৰাই কয় যে যোৱা নিৰ্বাচনত 62 হাজাৰ ভোট দলৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী আৰু তেওঁৰ শুভাকাংক্ষীসকলৰ পৰা লাভ কৰিছিল ৷ তাত জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা আৰু তেওঁৰ পুত্ৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাৰ কোনো ভূমিকা নাছিল ।

একে দিনাই অনুষ্ঠিত হোৱা আন এখন সংবাদ মেলত বিগত পঞ্চায়ত নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী ছোৱাগুৰি গাওঁ পঞ্চায়তৰ নিৰ্বাচিত সভাপতি দিলোৱাৰ হুচেইনে আৰু পানীভৰাল গাওঁ পঞ্চায়তৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী চৈয়দ আলিয়ে দলীয় প্ৰাৰ্থীত্বৰ বাবে জিলা সভাপতি দিলীপ বৰুৱাক টিকটৰ বাবে দুই লক্ষাধিক টকা বেংক একাউণ্টৰ জৰিয়তে আদায় দিয়াৰ তথ্য প্ৰমাণ সহ দাখিল কৰে সংবাদ মেলত। তদুপৰি শকত অংকৰ ধন দিলীপ বৰুৱাৰ হাতত প্ৰদান কৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে দলীয় কৰ্মীসকলে ।

ইফালে, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাক সভাপতিৰ দায়িত্বৰ পৰা আঁতৰাবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । দিলীপ বৰুৱাৰ নেতৃত্বত বিশ্বনাথত কংগ্ৰেছৰ ভেঁটি উচন হোৱাটো নিশ্চিত বুলি বিশ্বনাথ জিলা কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে অভিযোগ তুলিছে ।

লগতে পঢ়ক: Bhupen Borah on Raghav Movie: যতীন বৰাৰ শেহতীয়া অৱস্থাৰ কাৰণ বিচাৰি পালে ভূপেন বৰাই; সংগদোষ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.