বিহালী; 17 জুনঃ সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত অসম চাহ জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলা আৰু নগাঁও জিলা সমিতিৰ যুটীয়া ভাৱে তেজপুৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
অনিয়মিত ভাৱে হোৱা বটলিপ ফেক্টৰী সমূহৰ অনুজ্ঞা পত্ৰ বাতিল কৰাৰ লগতে প্লেণ্টেচন লেবাৰ এক্ট (Plantation Labour act)ৰ অধীনত বটলিফ ফেক্টৰী সমূহ অতি শিঘ্ৰে অনাৰ ব্যৱস্থা কৰাৰ দাৱী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ ইয়াৰোপৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক শ্ৰম আইনৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰা, চাহ বোৰ্ডৰ মুখ্য কাৰ্যালয় অসমত অনাৰ ব্যৱস্থা কৰা, প্ৰতিষ্ঠানসমূহৰ ব্য়ৱসায়িক সামাজিক দায়ৱদ্ধাতা (CSR) সমূহ সঠিক ৰূপত ৰূপায়ণ কৰাৰ বাবে দাৱী উত্থাপন কৰে সংগঠনটোৱে ৷
এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ, বিহালী, শোণিতপুৰ আৰু নগাঁওৰ শতাধিক আছটা কৰ্মীয়ে অংশগ্ৰহণ কৰে । ইফালে চৰকাৰে তেওঁলোকৰ এই সমস্যসূহ সমাধান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰে সংগঠনতো নেতৃত্বই ।