ETV Bharat / state

Kali Puja 2022: বিহালীত‌ প্ৰতিকুল বতৰৰ বাবে পানীত হাঁহ নচৰা অৱস্থা শ শ ব্যৱসায়ীৰ - কালী পূজাৰ আনন্দ মেলা

সোমবাৰৰ পৰা ৰাজ্যত হোৱা নেৰা-নেপেৰা বৰষুণে বিধি-পথালি দিছে এইবাৰৰ কালী পূজাত ৷ ফলত প্ৰথম দিনাৰ দৰে দ্বিতীয় দিনাও বিহালীৰ কেটেলা খেলপথাৰৰ কালী পূজাৰ আনন্দ মেলাত জনসমাগম পৰিলক্ষিত নহ'ল ৷

Amid bad weather, traders have a loss
বিহালীত‌ প্ৰতিকুল বতৰৰ বাবে পানীত হাঁহ নচৰা অৱস্থা শ শ ব্যৱসায়ীৰ
author img

By

Published : Oct 25, 2022, 10:03 PM IST

বিশ্বনাথ, ২৫ অক্টোবৰ: ৰাজ্যজুৰি চলিছে দীপাৱলী (Diwali 2022) আৰু কালী পূজাৰ উখল-মাখল পৰিৱেশ (Kali Puja celebrated in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো কালী পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে (Kali Puja 2022) । জিলাখনৰ বিহালী সমষ্টিৰ অন্তৰ্গত কেটেলা খেলপথাৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলি চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে কালী পূজা ৷ লগতে কালী পূজা উপলক্ষে আনন্দ মেলাৰো আয়োজন কৰা হৈছে কেটেলা খেলপথাৰত (Kali Puja celebrated at Behali)।

বিহালীত‌ প্ৰতিকুল বতৰৰ বাবে পানীত হাঁহ নচৰা অৱস্থা শ শ ব্যৱসায়ীৰ

পিছে সোমবাৰৰ পৰা ৰাজ্যত হোৱা নেৰা-নেপেৰা বৰষুণে বিধি-পথালি দিছে এই পূজাত ৷ ফলত প্ৰথম দিনাৰ দৰে দ্বিতীয় দিনাও কেটেলা খেলপথাৰৰ কালী পূজাৰ আনন্দ মেলাত জনসমাগম পৰিলক্ষিত নহ'ল ৷ দূৰৈৰ পৰা অহা ব্যৱসায়ীৰ মাজত দেখা পোৱা গৈছে এক হাহাকাৰ পৰিস্থিতি । বিশেষকৈ নগাঁও, শোণিতপুৰ, গুৱাহাটী, তিনিচুকীয়াকে ধৰি বিভিন্ন স্থানৰ পৰা অহা ভিন্ন কাপোৰৰ বিপনী, ফুলৰ বিপনীকে ধৰি মীনা বজাৰৰ কৰ্মচাৰীসকলৰ মাজত দেখা গৈছে এক হাহাকাৰ পৰিৱেশৰ ।

উল্লেখযোগ্য যে, বিগত দুটা বছৰে ক’ভিড, লকডাউনৰ বাবে কেৱল অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল কালী পুজা ৷ কিন্তু এইবেলি কালী পূজাৰ আনন্দ মেলাক লৈ ব্যৱসায়ী, গ্ৰাহক সকলো উৎসাহী আছিল যদিও প্ৰতিকুল বতৰে সকলোৰে আশাত এক প্ৰকাৰে চেঁচা পানী পেলালে ।

ইফালে, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰেকৈ এইবেলি ৰঙিয়াৰ ঐতিহাসিক জয়ন্তীপুৰ শ্মশান কালী মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শ্যামা পূজাৰ লগতে দীপাৱলী উৎসৱ (Kali Puja celebrated at Rangia) ৷ একেদৰে হোজাই জিলাতো কালী পূজা উপলক্ষে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ জিলাখনৰ লংকা পিয়লি বজাৰৰ ব্যৱসায়ীসকলৰ উদ্যোগত পালন কৰা হৈছে কালী পূজা (Kali Puja celebrated at Hojai) ৷

আনফালে কালী পূজা উপলক্ষে নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বালিলেছা কালী মন্দিৰতো এদিনীয়াকৈ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী কালী পূজা (Kali Puja celebrated at Shree Shree kali Devalaya) ।

লগতে পঢ়ক: Kali Puja at Rangia : জয়ন্তীপুৰ শ্মশান কালী মন্দিৰত কালী পূজা পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.